আকৌ দেহ বেপাৰ কৰাৰ সন্দেহত মহিলাক শাস্তি, ৰেকৰ্ড কৰিলে ভিডিঅ’

newsnextone.com | গোৰেশ্বৰঃ মানুহে বাস কৰা সমাজখনক সভ্য সমাজ বুলি কোৱা হয়৷ সভ্য সমাজে গণতন্ত্ৰক বিশ্বাস কৰে৷ গণতন্ত্ৰক শক্তিশালী কৰিবলৈ সভ্য সমাজে প্ৰশাসন যন্ত্ৰক সহায় কৰে৷ প্ৰশাসনে সমাজ খন সুস্থ হৈ থাকিবৰ বাবে দেশত থিৰাং কৰি থোৱা নীতিক মানি চলাৰ প্ৰয়োজন সভ্য সমাজে৷ যেতিয়া এখন সমাজত কোনোৱে সংবিধান উলংঘা কৰে তেতিয়া সমাজ খনলৈ বিশৃংখলতা আহে৷ 

এতিয়া যেন আইন উলংঘা কৰাটোৱেই এক নিয়মত পৰিণত হৈছে একাংশ লোকৰ বাবে৷ বিয়াগোম প্ৰশাসন, আৰক্ষী থকাৰ পিছতো একাংশ লোকে নিজেই আইন হাতত তুলি লয়৷ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানা এলেকাত পুনৰ এগৰাকী মহিলাক দেহ বেপাৰ কৰাৰ অভিযোগত বেয়াকৈ মাৰ কৰাতে ক্ষান্ত নাথাকি ভিডিঅ’ ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত এৰি দিয়ে৷ 

কিছদিন পূৰ্বে গোৰেশ্বৰ আৰক্ষী থানা এলেকাৰ নাওকাটাত এগৰাকী মহিলাক দেহ বেপাৰ কৰাৰ অভিযোগ উত্থাপন কৰি সন্তানৰ সন্মুখতে উলংগ কৰি মাৰধৰ কৰিছিল৷ একাংশ লোকে সেই দৃশ্য ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত এৰি দিছিল৷ এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ কেইবাগৰাকী লোক আটক হ’ব লগা হৈছিল৷ 

পুনৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ শ্বিলকীঝাৰ গাঁৱৰ এগৰাকী মহিলাক একাংশ লোকে দেহ বেপাৰত জৰিত থকাৰ অভিযোগত বেয়াকৈ মাৰ ধৰ কৰি সেই ভিডিঅ’ ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত এৰি দিয়ে৷ ইতিমধ্যে সেই ভিডিঅ’ ভাইৰেল হৈ পৰে৷

এই কাণ্ডই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। গাওঁবাসীৰ অভিযোগ মতে, দীৰ্ঘদিন ধৰি বিভিন্ন লোকৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হৈ থকাৰ পিছত ৩১ মে’ত মহিলাগৰাকীয়ে এজন যুৱকৰ সৈতে লোক্ৰা নামৰ গাঁৱত অসংযত অৱস্থাত ধৰা পৰিছিল। ধৰা পৰাৰ পিছত যুৱকজনক আৰু মহিলাগৰাকীক কিছু অনৈতিক দৃশ্য ৰেকৰ্ড কৰে কোনো লোকে৷ নিজৰ মোবাইলত বন্দী কৰা দৃশ্য ছচিয়েল মিডিয়াত এৰি দিয়ে৷ 

একাংশ লোকে মহিলাগৰাকীক অপদস্থ কৰাও দেখা যায়। ইপিনে শ্বিলকীঝাৰ গাঁৱৰ অনেক লোকৰ মোবাইলত এই দৃশ্য৷ দেওবাৰে গাওঁখনৰ একাংশ মহিলাই মহিলাগৰাকীক তেনে কুকৰ্মৰ বাবে জেৰা কৰাৰ লগতে চুলি আদি কাটি দি শাস্তি প্ৰদান কৰে। অৱশ্যে গাওঁবাসীয়ে পিছলৈ তেনে কুকৰ্ম নকৰিবলৈ সকীয়নি দি মহিলাগৰাকীক এৰি দিয়ে।