খিলঞ্জীয়াৰ হকে অসমীয়া যুৱকৰ মুণ্ডন, অসমীয়া যুৱকৰ আত্মবলিদান অথলে যাব নিদিও

newsnextone.com | ড়িব্ৰুগড়ঃ এইবাৰ যুৱকৰ প্ৰতিবাদৰ ভাষা হ’ল মুণ্ডন৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত সমূহীয়া মুণ্ডন কৰিলে যুৱকে৷ মটক ছাত্ৰ সন্থাৰ উদ্যোগত সমূহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংগঠনটোৱে৷ 

অসমৰ আন্দোলন সময়ত অসমীয়া যুৱকে দিয়া আত্মবলিদান অথলে যাব নিদিয়াৰ হুংকাৰ দি কেইবাগৰাকী অসম সন্তানে আকৌ এবাৰ গৰজি উঠিল প্ৰতিবাদৰ নতুন ভাষাৰে। অন্য এক শক্তিৰে প্ৰতিবাদ কৰিলে যুৱকে৷ প্ৰতিবাদৰ ভাষা হৈ অসমৰ যুৱকে ঘৰৰ পৰা ওলাই আহিল এক অনন্য ৰূপত খিলঞ্জীয়াৰ হকে মুণ্ডন কৰে৷

খিলঞ্জীয়াৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি কয়৷ লাগিলে অসম আন্দোলনৰ সময়ত অসমৰ তেজাল ডেকাই বুকু পাতি দিয়াৰ দৰেই মৰিবলৈ সাঁজু আছো বুলি কৈ মুণ্ডন কৰে আজিৰ অসমীয়া ডেকাই৷ 

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে চাবুৱাত মটক ছাত্ৰ সন্থাৰ উদ্যোগত সমূহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ন কৰে৷ মুণ্ডন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিৰেণ শইকীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত নেওঁগ, ডিব্ৰুগড় জিলাৰ সভাপতি মানসজ্যোতি শইকীয়াই জাতিদ্ৰোহী বিধেয়কখন বাতিলৰ দাবী জনায়৷ মুণ্ডনৰ অন্তত সংগঠনটোৱে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷