
newsnextone.com | গুৱাহাটীঃ এবছৰ পূৰ্বে কোকৰাঝাৰ চহৰৰ পৰা কিছু নিলগত এটি প্ৰতিষ্ঠানত ধন দাবী কৰিছিৰ ৰিচা শৰ্মা নামৰ এগৰাকী মহিলাই৷ চিনাকী দিছিল নিজকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লোক বুলি৷ তাৰ পিছত ৰিচা শৰ্মাৰ বিৰুদ্ধে সন্দেহ ওপজাত স্থানীয় সাংবাদিকৰ ওচৰ চাপিছিল প্ৰতিষ্ঠানটোৰ গৰাকী৷
তাৰ পিছত ধৰা পৰিছিল ৰিচা শৰ্মা৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত কৰি ভুৱা সাংবাদিক বুলি অৱগত হৈছিল ৰিচা শৰ্মা৷ আৰক্ষীয়ে ৰিচা শৰ্মাক আদালতত হাজিৰ কৰোৱাত ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল৷ কিছু দিন জেলত থকাৰ অন্তত কোকৰাঝাৰ জেলৰ পৰা প্ৰায় ৬ মাহ পূৰ্বে মুকিল হৈছিল ৰিচা শৰ্মা৷
পুনৰ একেগৰাকী মহিলা কাৰ্বি আংলং জিলাৰ বোকাজানত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক বুলি চিনাকি দি ধৰা পৰে সোমবাৰে। কাৰ্বি আংলঙৰ বোকাজান আৰক্ষীয়ে শতাব্দী ৰেলৰ পৰা বোকাজান ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক।
দিল্লীস্থিত ভয়চ নিউজ এজেঞ্চি নামৰ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদিকা বুলি পৰিচয় দিছিল মহিলাগৰাকীয়ে৷ অসমৰ চৰকাৰী বিভিন্ন বিভাগ সমূহৰ ঠিকাদাৰসকলক লক্ষ্য কৰি লৈছিল ৰিচা শৰ্মা নাৰ মহিলাগৰাকীয়ে৷
কিছুদিন পূৰ্বে গুৱাহাটীস্থিত গড়কপ্তানী বিভাগৰ মুখ্য অভিযন্তাক এখন চিঠি যোগে অসমৰ গড়কপ্তানী বিভাগৰ বাতৰি কৰিব বিচাৰে বুলি অৱগত কৰিছিল ৰিচা শৰ্মাই। সেই মতে মুখ্য অভিযন্তাগৰাকীয়ে অসমৰ সকলো জিলাৰ কাৰ্যবাহী অভিযন্তাসকলক এই চিঠি প্ৰেৰণ কৰে আৰু মহিলা সাংবাদিকে যোৰহাটৰ এম পি আগৰৱালা নামৰ এজন ঠিকাদাৰক লগত লৈ ঠিকাদাৰগৰাকীয়ে নিৰ্মাণ কৰি থকা ন’ আলি পথ পৰিদৰ্শন কৰিবলৈ লৈ যায়।
ইয়াৰ পাছতে ৰাজেশ আগৰৱালা নামৰ আন এজন ঠিকাদাৰক লগত লৈ নিৰ্মাণৰত নিমাতী পথ চাবলৈ যায় যদিও পথটো নােচোৱাকৈ মোবাইলতহে কথা পাতি উভতি অহাত মহিলাগৰাকীৰ ওপৰত ঠিকাদাৰগৰাকীৰ সন্দেহ উপজে৷
যাৰবাবে মহিলাগৰাকীক ঠিকাদাৰগৰাকীয়ে বিভাগীয় কাৰ্যালয়লৈ নিব বিচাৰে যদিও গাড়ীৰ পৰা নামি যোৱাৰ পিছতো জোৰকৈ কাৰ্যালয়লৈ নিয়ে। পিচত গড়কপ্তানী বিভাগৰ কাৰ্যালয়ত বিষয়া আৰু ঠিকাদাৰসকলে সোধপোছ কৰাত উত্তৰ দিবলৈ সক্ষম নহল সাংবাদিক বুলি চিনাকী দিয়া মহিলাগৰাকীয়ে।
যাৰবাবে বিভাগটোৰ অভিযন্তাগৰাকীয়ে আৰক্ষীক খবৰ দিয়াৰ লগতে যোৰহাটৰ স্থানীয় সাংবাদিক কেইজনমানক খবৰ দিয়ে। আৰক্ষী আৰু সাংবাদিক গৈ পোৱাৰ পূৰ্বেই ৰিচা শৰ্মা নামৰ মহিলাগৰাকীয়ে কাৰ্যালয়ৰ পৰা ওলাই গৈ শতাব্দী এক্সপ্ৰেছত উঠি ৰেল যোগে পলায়ন কৰে।
ৰিচা শৰ্মাৰ ওপৰত যোৰহাটৰ গড়কপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অঞ্জন দে'ই যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। ইফালে ৰিচা শৰ্মাৰ নামৰ সাংবাদিকগৰাকী শতাব্দী ৰেলৰে আহি থকা অৱস্থাত বোকাজান আৰক্ষীৰ সহযোগত বোকাজান ৰেল আৰক্ষীয়ে বোকাজান ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।