ডিজিটেল ইণ্ডিয়াত ডিজিটেল প্ৰতিবাদ, পৃথক বড়োলেণ্ডৰ দাবীত লেপটপ লৈ বহিল এবছু

newsnextone.com | কোকৰাঝাৰঃ ডিজিটেল ব্যৱস্থাই ব্যাপক প্ৰসৰতা লাভ কৰাৰ সময়তে ডিজিটেল প্ৰতিবাদো আৰম্ভ হৈছে দেশত৷ মঙলবাৰে এবছুৱে কৰিছে ডিজিটেল প্ৰতিবাদ৷ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত এবছুৱে সময়ে সময়ে গ্ৰহণ কৰা অগতানুগতিক কাৰ্যসূচীৰ পিছত এইবাৰ এবছু, এনডিএফবি(প্ৰ) আৰু পিপলচ্ জইন্ট এক্সন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পিজেএচিবিএমে যৌথভাৱে পৃথক বড়োলেণ্ড গঠনৰ দাবীত আৰম্ভ কৰিছে ই-মুভমেণ্ট কাৰ্যসূচী। 

ৰাজ্যত পোণ প্ৰথমবাৰৰ বাবে ই-মুভমেণ্ট কাৰ্যসূচীৰে পৃথক ৰাজ্য গঠনৰ দাবীত পুনৰ আন্দোলন আৰম্ভ কৰা এবছুৱে অৰ্ধ শতাধিক লেপটপৰে ই-মেইলযোগে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ লগতে লোকসভাৰ বিৰোধী দলপতিক পৃথক বড়োলেণ্ডৰ দাবীত ধাৰাবাহিকভাৱে আবেদন জনাব। মুলত ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান আওঁৰোৱা বিজেপি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে কোকৰাঝাৰ সদৰ চহৰত আৰম্ভ হোৱা ই-মুভমেণ্ট কাৰ্যসূচীত ধাৰাবাহিকভাৱে ই মেইলেৰে পৃথক বড়োলেণ্ডৰ দাবীত আৱেদন পঠোৱা হয়। 

পৃথক বড়োলেণ্ডৰ দাবীত অনশন, বন্ধ কাৰ্যসূচী, ৰাষ্ট্ৰীয় ঘাইপথ-ৰেলপথ অৱৰোধ কাৰ্যসূচী, ডাকযোগে পোষ্টকাৰ্ডৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী, তেজেৰে লিখি পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী, সমূহীয়া মুণ্ডনেৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী জনোৱাৰ পিছত এইবাৰ ই-মুভমেন্টযোগে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবী জনাই আহিছে৷

ইমান পিছতো যদিহে চৰকাৰে যোগাত্মক সহাঁৰি নিদিয়ে তেতিয়াহলে এনআৰচি প্ৰক্ৰিয়া অন্ত পৰাৰ পিছতে এবছুৱে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰিছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে। বিজেপি চৰকাৰক মিছলীয়া, প্ৰতাৰক আখ্যা দি এবছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ই-মুভমেণ্ট কাৰ্যসূচী দিল্লী, মুম্বাই, চেন্নাইকে ধৰি আন বহু ঠাইৰ পৰাও সম্পন্ন হ’ব বুলি সদৰি কৰিছে।