
newsnextone.com | গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ একালৰ মহাপ্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনক লৈ বিতৰ্কৰ যেন অন্তই নপৰিব৷ এটাৰ পিছত এটা অভিযোগ উত্থাপিত হৈছে প্ৰাক্তন মন্তৰীগৰাকীৰ বিৰুদ্ধে৷ কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে অবৈধ সা-সম্পত্তি কিনা বেছাৰ অভিযোগত অনুসন্ধান শাখাই দিল্লীত উপস্থিত হৈ মন্ত্ৰীগৰাকীৰ সা-সম্পত্তিৰ তালাচী চলাইছিল৷
একালৰ প্ৰিয় বন্ধু তথা ঘনিষ্ঠ সহোযোগী অনিল ৰাজা আৰু ৰকিবুল হুছেইনৰ মাজৰ যুদ্ধখনে এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে৷ অনিল ৰাজাই এটা সময়ত ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত ৰকিবুলৰ বিৰুদ্ধে অবৈধ সা-সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন কৰিছিল৷
অনিলৰাজাৰ এই অভিযোগৰ পিছত কংগ্ৰেছে তেওঁক দলৰ পৰা বহিস্কাৰ কৰিছিল যদিও আনফালে বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰৰ হস্তক্ষেপত তদন্ত আৰম্ভ হৈছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে৷ নগাঁওৰ পৰা দিল্লীলৈ সৰ্বত্ৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সা-সম্পত্তি বিচাৰি চলাথ কৰিছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা৷
প্ৰাক্তন মন্ত্ৰীগৰাকীক অবৈধ সম্পত্তিৰ বিতৰ্কই লগ এৰা নিদিওতেই পুনৰ আন এক অভিযোগ উত্থাপন হৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে৷ এইবাৰো অভিযোগ উত্থাপন কৰোতা একালৰ ঘনিষ্ঠ বন্ধু অনিল ৰাজাই৷ ৰকিবুল আৰু অনিল ৰাজাৰ ব্যক্তিগত যুদ্ধই তুংগত সহাৱস্থান কৰাৰ সময়তে এইবাৰ ৰকিবুলৰ বিৰুদ্ধে উত্থাপিত হৈছে ভুৱা ডিগ্ৰীধাৰী বুলি৷
মঙলবাৰে কংগ্ৰেছৰ নিলম্বিত নেতা অনিল ৰাজাই সংবাদ মেল আয়োজন কৰি ৰকিবুলৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ উঠে৷ তেওঁ ৰকিবুল হুছেইনৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে সন্দেহ প্ৰকাশ কৰি প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী ৰকিবুল হুছেইনে কোনো স্নাতক ডিগ্ৰী গ্ৰহণ কৰা নাই বুলি দাবী কৰে৷
ৰকিবুল হুছেইনে উল্লেখ কৰাৰ দৰে তেওঁ নগাঁও কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা নাই৷ আনহাতে হাইস্কুল শিক্ষান্তত মাত্ৰ ৩৬ শতাংশ নম্বৰ লৈ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ৰকিবুলৰ স্নাতক উত্তীৰ্ণৰ তথ্য গুৱাহাটী বিশ্ববিদ্যালয়তো নাই বুলি দাবী কৰে অনিল ৰাজাই৷
আনহাতে ৰকিবুল হুছেইনে কেনেদৰে মেডিকেলত চীট পালে তাক লৈও সন্দেহ প্ৰকাশ কৰে অনিল ৰাজাই৷
ৰকিবুল হুছেইনে ধনৰ বিনিময়ত প্যাৰ মহম্মদ হুছেইনৰ পৰা ভুৱা ডিগ্ৰীৰ প্ৰমাণ পত্ৰ হাচিল কৰিছিল বুলি দাবী কৰে অনিল ৰাজাই৷ ৰকিবুল হুছেইনৰ দৰে লোকে অসমৰ শিক্ষা ক্ষেত্ৰখন কলুষিত কৰিছে বুলি মন্তব্য কৰি নিলম্বিত কংগ্ৰেছী নেতাগৰাকীয়ে ৰকিবুল হুছেইনক বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায়৷
আনহাতে ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনত ৰকিবুল হুছেইনে নিৰ্বাচন আয়োগক ভুৱা তথ্য দি আভুৱা ভাৰিছিল বুলিও দাবী কৰে অনিল ৰাজাই৷ তেওঁ ৰকিবুল হুছেইনৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী জনায়৷ লগতে ৰকিবুল হুছেইনে আয়োগক ভুৱা তথ্য দিয়াৰ বিৰুদ্ধে অনিল ৰাজাই নগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ তৰিব বুলিও মন্তব্য কৰে৷
ৰকিবুল হুছেইনক অনিল ৰাজাই দুৰ্নীতিগ্ৰস্থ আখ্যা দি তেওঁ মন্ত্ৰী হৈ থকা কালত ৰাজ্যৰ কোনোতো বিভাগতেই সংস্কাৰ সাধন হোৱা নাছিল বুলি মন্তব্য কৰে৷