বাংগালুৰুত কেব ড্ৰাইভাৰৰ মহিলাক নিৰ্যাতন, নগ্ন কৰি তুলিলে ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ কেতিয়াবা ক’ৰবলৈ যাব লগা হ’লে আৰু সময়ৰ নাটনি থাকিলে হাতৰ মুঠিতে লাভ কৰিব পৰা বাহন খন গৈছে ওলা অথৱা উবেৰ৷ যেতিয়াই তেতিয়াই যতে ততে উপলব্ধ হয় উবেৰ আৰু ওলাৰ কেব বাহন সমূহ৷

যাত্ৰীৰ নিশ্চিত যাত্ৰা, কম খৰছ, সুৰক্ষা আদিৰ বাবেই কম সময়ৰ ভিতৰতে ওলা আৰু উবেৰে বহুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ ব্যস্ততাপূৰ্ণ মহানাগৰিক জীৱনত বৰ্তমান সময়ত ওলা আৰু উবেৰৰ দৰে বাহন সেৱাৰ প্ৰয়োজনীয়তা প্ৰায়বোৰ যাত্ৰীয়ে অনুভৱ কৰে৷ 

কিন্তু মহিলাৰ বাবে কিমান সুৰক্ষিত ওলা অথৱা উবেৰৰ দৰে বাহন সমূহ৷ যিটো সময়ত দেশৰ সৰ্বত্ৰে কেৱল ধৰ্ষণৰ ৰোল উঠিছে, যিটো সময়ত নাৰীয়ে ঘৰৰ পৰা ওলাই যোৱাৰ পৰা ঘৰ নসোমোৱালৈকে নিজৰ সুৰক্ষাৰ বাবে ভয়ভীত হৈ পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই সময়ত ওলা বা উবেৰৰ দৰে বাহন সমূহো সুৰক্ষিত নহয় নাৰীৰ বাবে৷ তাৰে প্ৰমাণ পোৱা গ’ল বেংগালুৰুত৷ 

বেংগালুৰুত এগৰাকী মহিলাক বন্দী কৰি নিৰ্যাতনৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী ওলা কেব ড্ৰাইভাৰক মঙলবাৰে আটক কৰে৷ জানিব পৰা মতে, ১ জুনত পেছাত আৰ্কিটেক এগৰাকী মহিলাই বিমান বন্দৰলৈ যাবৰ বাবে এখন কেব বুক কৰে৷

পিছত ড্ৰাইভাৰজনে সোনকালে বিমান বন্দৰ পোৱাৰ কথা কৈ আন এটা ৰাস্তাৰে মহিলাগৰাকীক লৈ যায়৷ পিছত মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ কৰা অনুসৰি কেব ড্ৰাইভাৰজনে তেওঁক গাড়ীৰ ভিতৰত বন্দী কৰি ধৰ্ষণৰ চেষ্টা চলায় আৰু উলংগ কৰি মোবাইল কেমেৰাৰে ফটো তোলে৷ 

নিৰ্যাতিতা মহিলাগৰাকীয়ে উল্লেখ কৰা অনুসৰি কেব ড্ৰাইভাৰজনে গাড়ীখন এটুকুৰা জনশূণ্য ঠাইত নি ৰখায় আৰু মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে৷ ড্ৰাইভাৰজনে গাড়ীৰ দুৱাৰ বন্ধ কৰি মহিলাগৰাকীক মনে মনে থাকিবলৈ দাবী দিয়ে৷ যদি মহিলাগৰাকীয়ে হাল্লা কৰে তেন্তে তেওঁ আন আন লগৰ বন্ধুক মাতি আনি গণ ধৰ্ষণ কৰাৰো ধমকি দিয়ে৷

ইয়াৰ পিছত অভিযুক্তই মহিলাগৰাকীক কাপোৰ খুলি ফটোৰ বাবে পজ দিবলৈ কয়৷ মহিলাগৰাকীয়ে তাৰ কথা শুনিবলৈ অস্বীকাৰ কৰাত অভিযুক্তই তেওঁৰ ডিঙি চেপি ধৰিবলৈ চেষ্টা কৰে৷ লম্পট ড্ৰাইভাৰ জনে শেষত জোৰ কৰি মহিলাগৰাকীৰ কাপোৰ খোলে আৰু ফটো তুলে৷

আনহাতে ঘটনাৰ তদন্তকাৰী আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ অভিযোগ অনুসৰি নিৰ্যাতিতাই আৰক্ষীৰ আগত ঘটনাৰ বিষয়ে জনালে তোলা ফটো সমূহ ছচিয়েল মিডিয়া যোগে ভাইৰেল কৰিব বুলি অভিযুক্ত ড্ৰাইভাৰজনে ধমকি দিয়ে৷

ঘটনা সংঘটিত হোৱাৰ পিছত মহিলাগৰাকীয়ে বিমান যোগে বেংগালুৰুৰ পৰা মুম্বাইলৈ গুছি যায় আৰু তাৰ পৰাই ই-মেইল যোগে বেংগালুৰু আৰক্ষী কমিছনাৰক ঘটনা সন্দৰ্ভত সবিশেষ জনায়৷ মহিলাগৰাকীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে অভিযুক্ত কেব ড্ৰাইভাৰজনক আটক কৰে