
newsnextone.com | ডিমাকুছিঃ বিটিএডি এলেকাৰ ৰাইজক মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা মহিলাৰীৰ বিটিচিত এতিয়া ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিব লগা হৈছে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে মডেল বিটিচিৰ শ্ল’গান দিয়ে যদিও সেয়া শ্ল’গানতে আৱদ্ধ হৈ আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
আজিও বিটিচিৰ চাৰিখন জিলাত বহু নৈত দলং নথকাৰ ফলত ৰাইজে নাঁৱেৰে নৈ পাৰ হ’ব লগা হয়৷ বহু গ্ৰাম্য পথ পথাৰে নে পথেই চিন চাব নোহোৱা হৈছে৷ সভা-সমিতিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী তথা অন আন কাৰ্যবাহীসকলে উন্নয়নৰ ফটাঢোল কোবাই আহিছে যদিও সেয়া ফুটুকাৰ ফেনহে মাথো৷ বিশেষকৈ বিটিএডিৰ একাংশ এলেকাৰ বাট-পথৰ অৱস্থা বহু বেয়া৷
বিটিচি কৰ্তৃপক্ষ আৰু অসম চৰকাৰে গ্ৰাম্য অঞ্চলৰ পথ মেৰামতি তথা নিৰ্মাণৰ বাবে বহু আঁচনি ৰূপায়ন কৰিছে যদিও কোটি কোটি টকা মুকলি কৰি দিয়াৰ পিছতো বহু এলেকাক এনে আঁচনিয়ে ঢুকি পোৱা নাই৷ এতিয়াও জৰাজীৰ্ণ বাটপথৰ সমস্যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে ওদালগুৰি জিলাৰ ভুটান সীমান্তবাসীয়ে৷ সীমান্তৰ বহু ভিচিডিচিত আঁচনি ৰূপায়ন হোৱা দেখা নাযায়৷
এমজি এনৰেগা আঁচনি ধন ঘটাৰ মাধ্যম হৈ পৰিছে ভাৰত-ভুটান সীমান্তত৷ যাৰ ফলত ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ খৈৰাঝাৰ আৰু শান্তিপুৰবাসীয়ে পথৰ বাবে যমৰ যাতনা ভোগ কৰিব লাগ হৈছে৷ খৈৰাঝাৰ আৰু শান্তিপুৰ পথ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰিছে৷ এজাক বৰষুণ দিলেই বোকা আৰু পানীৰ বাবে মানুহে খোজ কাঢ়িব নোৱাৰে৷ ব্যৱসায়ী, কৃষক, ছাত্ৰ-ছাত্ৰী, চাকৰিয়ালে পথৰ অৱস্থাৰ বাবে আহ-যাহ কৰিব নোৱাৰাৰ দৰে পৰিবেশৰ সৃষ্টি হয়৷
চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত অঞ্চলটোৰ ৰাইজে অৱশেষত পথটো খোদ মেৰামতি কৰে৷ খৈৰাঝাৰ আৰু শান্তিপুৰবাসীয়ে মন্ত্ৰী, বিধায়ক, পৰিষদীয় ইম-জিম, ভিচিডিচিৰ সভাপতিক বাট নাচায় জৰাজীৰ্ণ পথটো নিজেই মেৰামতি কৰি লয়৷
স্বাধীনতাৰ ৭২বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈ পথটো মেৰামতি নকৰাৰ অভিযোগ উত্থাপন কৰে৷ জনপ্ৰতিনিধিয়ে পথটো মেৰামতি তথা নিৰ্মাণৰ বাবে আজিলৈ একো আঁচনি হাতত নললে৷ অঞ্চলবাসীয়ে বাৰে বাৰে ভিচিডিচিৰ সভাপতি, বিধায়কক আবেদন-নিবেদন কৰি আহিছে যদিও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত পথটো জৰাজীৰ্ণ হৈয়ে থাকিল৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ পথটোৰে নিতৌ শ-শ লোক আহ-যাহ কৰে৷ অৱশেষত অঞ্চলটোৰ লোকে হাতে হাতে কোৰ লৈ জৰাজীৰ্ণ পথটো মেৰামতি কৰিবলৈ ওলাই আহে৷ পুৰুষ-মহিলাসকলে ওলাই আহি জৰাজীৰ্ণ পথ মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তোলে৷ আনহাতে ৰাইজে কোকৰাঝাৰেই বিটিচি নহয় বুলি ক্ষোভ উজাৰি কোকৰাঝাৰৰ বাহিৰেও আন তিনি খন জিলাকো সমানে গুৰুত্ব দিবলৈ আহ্বান জনায়৷