
newsnextone.com | গুৱাহাটীঃ বাংলাদেশী বিতাড়নৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেইবাটাও জাতীয় দল-সংগঠনে কেইবাটাও দশক ধৰি ৰাজ্যৰ ৰাজপথ উত্তাল কৰি ৰাখিছে৷ অসম আন্দোলনতো নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ৬ বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷
বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷ বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷
সমানে চলিছে এনআৰচিৰ উন্নয়নৰ কাম৷ ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ বৰঘৰত ধৰা পৰিল এগৰাকী বাংলাদেশী৷ ৰাজ্যৰ প্ৰাণকেন্দ্ৰ জনতা ভৱনত ধৰা পৰিল এগৰাকী সন্দেহজনক বাংলাদেশী যুৱক৷ কেইদিনমান পূৰ্বে ভুৱা নিযুক্তি পত্ৰৰে জনতা ভৱনত যোগদান কৰি চাকৰি কৰিব আহিছিল যুৱকজনে৷
অসমৰ উচ্চ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিত আশাত সময় পাৰ কৰিছে৷ আনফালে বাংলাদেশৰ পৰা আহি অসমত ভুৱা নিযুক্তি পত্ৰ লৈ চৰকাৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগত যোৱা কেইবাটাও দিন ধৰি চৰকাৰী চাকৰি কৰি গৈছে এজন বাংলাদেশীয়ে৷ সেয়াও ৰাজ্যৰ প্ৰশাসনৰ বৰঘৰটোত৷
ৰাজ্যত নাগৰিক পঞ্জী উন্নয়নৰ কাম জোৰদাৰ ভাৱে অব্যাহত আছে৷ ৰাজ্যৰ পৰা সন্দেহযুক্ত বাংলাদেশীক আটক কৰি বাংলাদেশলৈ উভটাই পঠিওৱাৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷ তেনে সময়তে এগৰাকী বাংলাদেশী যুৱক ধৰা পৰা বিষয়টোৱে চিন্তিত কৰিছে সাধাৰণ নাগৰিকক৷ সন্দেহ কৰা মতে কোনো প্ৰভাৱশালী চক্ৰই যুৱকজনক নিয়োগ কৰাত সহায় কৰিছে৷
বিজেপি চৰকাৰে অসমত হিন্দু বাংলাদেশী সংস্থাপনক লৈ তীব্ৰ ৰাজনীতি কৰি গৈছে৷ সমানে অসমৰ মাটিত এজনো হিন্দু বাংলাদেশীক সংস্থাপন দিয়া নহ’ব বুলি দল-গঠনসমূহে দবী উত্থাপন কৰি থকাৰ মাজতে বুধবাৰে দিছপুৰ আৰক্ষীৰ জালত পৰিল জনত ভৱনৰ এজন ভুৱা কৰ্মচাৰী৷ জনতা ভৱনত কনিষ্ঠ সহকাৰী হিচাপে নিযুক্তি লোৱা যুৱকজনৰ ঘৰ বাংলাদেশত বুলি জানিব পৰা গৈছে৷
যুৱকজন বাংলাদেশৰ কুমিল্লাৰ চুমন ভট্টাচাৰ্য বুলি সন্দেহ কৰা হৈছে৷ যুৱকজনে জনতা ভৱনত কনিষ্ঠ সহকাৰী হিচাপে নিযুক্তি লাভ কৰিবলৈ আহিছিল৷ কিন্তু যুৱকজনৰ নিযুক্তি পত্ৰ খন ভুৱা বুলি বিভাগে অৱগত হয়৷ তাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয় আৰু বুধবাৰে দিছপুৰ আৰক্ষীয়ে যুৱকজনক আটক কৰে৷
আৰক্ষীৰ জেৰাত বাংলাদেশৰ বাসিন্দা চুমন ভট্টাচাৰ্য বুলি চিনাকী দিয়াৰ লগতে নিযুক্তি পত্ৰ খন কোনো লোকে ধনৰ বিনিময়ত দিয়াৰ লগতে জনতা ভৱনত যোগদান কৰিবলৈ কোৱা বুলি স্বাকীৰ কৰে৷
আনহাতে, অসমত হিন্দু বাংলাদেশীৰ প্ৰৱেশ ঘটা নাই বুলি দাবী জনাই অহাৰ পিছতো চৰকাৰৰ চকুত ধূলি দি কেনেদৰে এটা চৰকাৰী বিভাগত এগৰাকী বাংলাদেশীয়ে ভুৱা নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ল, সেই বিষয়ে বিভিন্ন জনৰ মনত প্ৰশ্নৰ উদয় হৈছে৷ চুমন ভট্টাচাৰ্যক আৰক্ষীয়ে আটক কৰাৰ পিছতে অসমত আৰু বাংলাদেশীয়ে চৰকাৰী বিভাগত ভুৱা নিযুক্তি লাভ কৰিছে নেকি বুলি প্ৰশ্ন উদয় হৈছে৷ যুৱকজনক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷