চতিয়াত আৰক্ষীৰ জালত চোৰাং চিকাৰী, জব্দ এটা পইন্ট ১৫ ৰাইফল, ১০ জাই সজীৱ গুলি

newsnextone.com | চতিয়াঃ চৰকাৰৰ লগে লগে সলনি হৈ থকা বনমন্ত্ৰী সকলে গঁড় হত্যা ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে৷ অসমৰ গৌৰৱ এশিঙিয়া গঁড পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে৷ তদুপৰি বন বিভাগৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ বনাঞ্চলত চোৰাং চিকাৰীয়ে অবাধে প্ৰৱেশ কৰি গঁড় হত্যা কৰি আহিছে৷ কিন্তু ইয়াৰ পিছতো চৰকাৰ ততা বন বিভাগে গঁড় হত্যা ৰোধ কৰিবলৈ সক্ষম নহোৱা দেখিবলৈ পোৱা যায়৷

কিন্তু এইবাৰ বন বিভগৰ সাফল্য দেখুৱাই দুজন চোৰাং গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু বিশ্বনাথ জিলা আৰক্ষীয়ে৷ দুধৰ্ষ চোৰাং চিকাৰী দুজনে কাজিৰঙাত গঁড় চিকাৰ কৰিবলৈ অহা পথতে আটক হয়৷ 

জানিব পৰা মতে, এএছ-১২ এছ-৬০৯৬ নম্বৰৰ এখন মাৰুতী এল্ট্ৰ’ গাড়ীৰে কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰে গৈ থকা অৱস্থাত চোৰাং চিকাৰীৰ দলটোক বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক ডা০ দেবজিৎ নাথৰ নেতৃত্বত আৰক্ষী আৰু বন বিভাগে যুটীয়া অভিযান চলাই চতিয়াৰ কৰৈয়নীৰ সমীপৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰাং চিকাৰী দুজনৰ নাম মহৰম মনচুৰি আৰু চানু গুৰুং বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ 

আনহাতে ধৃত মহৰম মনচুৰিৰ ঘৰ ভালুকপুং আৰু চানু গুৰোঙৰ ঘৰ বালিজুৰীত বুলি জানিব পৰা গৈছে৷ চিকাৰী দুজনৰ পৰা আৰক্ষীয়ে এটা পইন্ট ১৫ ৰাইফল সহ ১০ জাই সজীৱ গুলি উদ্ধাৰ কৰে৷