
newsnextone.com | জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডত এগৰাকী পিতৃয়ে ডেৰ বছৰীয়া সন্তানক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে হত্যা কাণ্ডৰ অভিযুক্ত ওমৰ ফাৰুকক আৰক্ষীয়ে আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷
জাগীৰোডৰ সমীপৰ মায়ঙৰ বহাৰ বাসিন্দা ওমৰ ফাৰুকে মাথো ডেৰ বছৰীয়া সন্তানে কথা নুশুনাৰ বাবেই এটা দিন বৰ্বৰ ভাৱে অত্যাচাৰ কৰি সন্তানটোক হত্যা কৰে৷ জানিব পাৰ মতে, বুধবাৰে দিনৰ দিনটো সন্তানটোক এবাৰ ঘৰৰ ভিতৰত এবাৰ ঘৰৰ বাহিৰত ৰাখে ওমৰে৷
প্ৰথমে বিচনাৰ পৰা নমাই এখন চকীত বহাই কেচুৱাটোক৷ চকীৰ পৰা নমাই মাটিত বহুৱাই প্ৰস্ৰাৱ কৰিবলৈ দিয়ে সন্তানটোক৷ বহু সময়ৰ মূৰকত প্ৰস্ৰাৱ কৰাত একো বুজি নোপোৱা অবুজ শিশুটোক বিভিন্ন অশ্লীল ভাষাৰে গালি-গালাজ কৰে৷
তাৰ পিছত পুনৰ ঘৰৰ পৰা উলিয়াই আনি শিশুটোক পুনৰ প্ৰস্ৰাৱ কৰিবলৈ দিয়ে৷ প্ৰস্ৰাৱ কৰিবলৈ সক্ষম নোহোৱাত মাটিত ঠেকেচি দিয়ে কণমানি সন্তানটোক৷ পত্নীয়ে স্বামীৰ ৰুদ্ৰ ৰূপ দেখি মাত দিয়া নাছিল৷ তেনেদৰেই কেইবাঘণ্টা পাৰ কৰাৰ পিছতে বৃহস্পতিবাৰে সন্তানটোৱে অকাল মৃত্যু আকোৱালি লয়৷ জানিব পৰা মতে, বিভিন্ন সময়ত কোনো কথাৰ গইনা লৈ নিজ সন্তানৰ ওপৰত ক্ষোভ উজাৰি আহিছিল ওমৰে৷
নিজ পিতৃয়ে মাটিত ঠেকেচি ডেৰবছৰীয়া শিশুক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। পুত্ৰ হত্যাৰ অভিযুক্ত ওমৰ ফাৰুকক মায়ং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷