গোৰেশ্বৰৰ প্ৰফুল্লৰ ডিজিটেল প্ৰতিবাদ, ফেচবুকত ভিডিঅ’ আপলোড কৰি দেখুৱালে উন্নয়নৰ নমুনা

newsnextone.com | গোৰেশ্বৰঃ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ কালত গুৰুত্ব লাভ কৰা নাছিল ৰাজ্যৰ গ্ৰাম্য এলেকাৰ সমস্যা সমূহে৷ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে খনেও শাসন ভাৰ হাতত লোৱাৰ ২ বছৰ পাৰ হ’ল৷ কংগ্ৰেছৰ দৰেই বিজেপিও গ্ৰাম্য এলেকাৰ উন্নয়নক অৱহেলা কৰা দেখা গৈছে৷ বিজেপিয়ে গ্ৰাম্য এলেকাৰ লোকক সোপান দেখুৱাই সাধাৰণ জনতাৰ বিশ্বাস জয় কৰি ৰাজ্যত চৰকাৰ গঠন কৰিছিল৷ 
 
বিজেপি-অগপ-বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰ খনে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ এতিয়া অসাৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত, ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য খণ্ডৰ অনুন্নত পৰিবেশে ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া শাসনকালৰ চৰম বিফলতা উদঙাইছে বুলি ৰাইজে কবলৈ বাধ্য হৈছে৷
 
উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ প্ৰতি লাহে লাহে অসন্তুষ্ট হৈ পৰিছে ৰাজ্যবাসী৷ ক্ষমতা লাভৰ পিছত নেতা-মন্ত্ৰী-বিধায়কসকলে নিজক লৈ ব্যস্ত হৈ পৰাত চৰকাৰৰ ওপৰত থকা ৰাজ্যবাসীৰ আস্থা লাহে লাহে কমি অহা পৰিলক্ষিত হৈছে৷ 
 
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বাক্সা জিলাৰ গোৰেশ্বৰৰ বিভিন্ন অঞ্চলৰ দুৰৱস্থাই ৰাইজক যমক-যাতনা ভোগাই আহিছে৷ গোৰেশ্বৰবাসীয়ে বিশেষকৈ পথৰ অৱস্থাৰ বাবেই বাৰিষাকালত নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়৷ বিশেষকৈ গোৰেশ্বৰ-খৈৰাবাৰী মূল পথটোৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলটোৰ ৰাইজৰ যাতায়তত অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ ৰাইজে পথটোৰ নিৰ্মাণৰ বাবে কেইবাবাৰো স্থানীয় বিধায়ক, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও পথটোত আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰে৷ যাৰ ফলত চৰম যাতনা ভোগ কৰি আহিছে অঞ্চলবাসীয়ে৷ গোৰেশ্বৰৰ বিভিন্ন প্ৰান্তৰ লোকে পৰিৱৰ্তনকামী চৰকাৰখনৰ ওপৰত আস্থা হেৰুৱাই পেলাৱো পৰিলক্ষিত হৈছে৷
 
অঞ্চলটোৰ এজন যুৱক প্ৰফুল্ল প্ৰিন্স ৰাজে গোৰেশ্বৰ-খৈৰাবাৰী পথৰ দুৰৱস্থাৰ ছবিখন কিছুদিন পূৰ্বে ফেচবুকত লাইভ দেখুৱাই৷ পথৰ কদৰ্য ৰূপ লাইভ দেখুওৱাত ব্যাপক চৰ্চা লাভ কৰে৷ প্ৰায় ৬ মিনিট সময় পথৰ গা’ত সমূহ আৰু মানুহে কেনেদৰে আহ-যাহ কৰে সেই সমূহ দেখুওৱাত বিভিন্ন জনে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট কৰি ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰশ্ন উত্থাপন কৰে৷
 
তাৰ লগে লগে ছচিয়েল মিডিয়া যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী, গড়কপ্তানী মন্ত্ৰী, বিটিচি প্ৰধানক পথৰ অৱস্থাক গুৰুত্ব প্ৰদান কৰিবলৈ এখন মুকলি চিঠি লিখে৷ গোৰেশ্বৰৰ কেৰ্পাভিঠাৰ যুৱকজনে নিজৰ ফেচবুক একাউন্টৰ জৰিয়তে পথটোৰ দুৰাৱস্থা উদঙাই মুখ্যমন্ত্ৰী, গড়কপ্তানী, বিটিচি প্ৰধানলৈ এখন চিঠি লিখাৰ লগতে জৰাজীৰ্ণ অৱস্থাৰ ভিডিঅ’ ফেচবুকত আপলোড কৰি একপ্ৰকাৰ ডিজিটেল প্ৰতিবাদ সাব্যস্ত কৰে৷
 
যুৱকজনে লিখা চিঠি খনত কয় ‘‘প্ৰতি মাননীয় মুখ্যমন্ত্রী/গড়কাপ্তানী মন্ত্রী/ বিটিচি প্ৰধান/জলসিঞ্চন মন্ত্রী মহোদয়, ৰঙিয়া বিধান সভা সমষ্টি/৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মহোদয়ৰ সমীপেষু 
 
বিষয়ঃ- গোৰেশ্বৰ-খৈৰাবাৰী পথৰ আধৰুৱা পথ কেৰ্পাভিঠা বজাৰ খলা পথ চোৱা পকী কৰাৰ বাবে আবেদন।
 
মহাশয়, আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ-খৈৰাবাৰী পথৰ আধৰুৱা পথ কেৰ্পাভিঠা বজাৰ খলা লৈকে পথটোৰ যোৱা ৫-৬ বছৰৰ পৰা যি দুৰৱস্থা হৈছে আৰু তাৰ বাবে সাধাৰণ জনতা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেই কথা এই চিঠিখনৰ জৰিয়তে বুজোৱাটো বৰ টান। গতিকে ৰাস্তাটোৰ দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিলো। গতিকে আমাৰ সেই অসুবিধাবোৰৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে বিনম্ৰ ভাৱে অনুৰোধ জনালো।
ইতি
        কেৰ্পাভিঠা অঞ্চলবাসী ৰাইজ.
            ধন্যবাদ 
!!জয় আই অসম!!
 
উল্লেখ্য যে, বাৰে বাৰে একেটা পথকে এবাৰ বিধায়কে এবাৰ বিটিচি কাৰ্যবাহী নতুবা এবাৰ বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰি ৰাইজক আভুৱা ভাৰি আহিছে। বৰ্তমান এই পথটোৰ দুৰৱস্থাৰ বাবে ৰাইজৰ বিলৈ বিপত্তি নোহোৱা হৈছে। ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী, পথচাৰীসকলে যাতায়াতত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ 
 
ইয়াৰ মাজতে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বৰ্তমান জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ উদ্যোগত একেটা পথৰে গোৰেশ্বৰৰ পৰা চেউনী গাঁৱলৈ প্ৰায় তিনি কিঃ মিঃ পথ মেৰামতি কৰা হৈছে। ৰাইজে অভিযোগ কৰা মতে নিম্ন মানৰ সামগ্ৰীৰে পথটো মেৰামতি কৰাৰ ফলত এবছৰতে জহি-খহি যাব পথটো৷
 
একেদৰে মন্ত্ৰী ভৱেশ কলিতাৰ বিধায়ক পুঁজিৰে মেৰামতি কৰা গোৰেশ্বৰ আন্ধেৰীঘাট পথৰ চাৰি কিঃ মিঃ পথ মেৰামতি কৰা হৈছে যদিও নিৰ্মাণ কাৰ্য অতি দুৰ্বল হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।
 
ইপিনে যোৱা ১১ জানুৱাৰীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সম্পূৰ্ণ গোৰেশ্বৰ-খৈৰাবাৰী পথটোৰ আধাৰশিলা স্থাপন কৰে যদিও আজিকোপতি কাম আৰম্ভ কৰা নহ’ল৷ কেৱল আধাৰশিলাৰ ৰাজনীতি কৰিয়ে দায়িত্ব সামৰে৷ এতিয়া গোৰেশ্বৰত বিধায়কৰ মতে পথৰ কাম কৰিব বিটিচিয়ে৷ আকৌ বিটিচিৰ কাৰ্যবাহীয়ে কয় উন্নয়নৰ কাম কৰিব বিধায়কলৈ৷ এতিয়া দুই দলৰ কাজিয়াৰ মাজত উন্নয়ন স্তদ্ধ হৈ পৰিছে গোৰেশ্বৰৰ৷
 
গোৰেশ্ব-খৈৰাবাৰী পথটোৰে যাতায়ত কৰিব নোৱাৰা এক পৰিবেশে বিৰাজ কৰিছে। বিজেপিয়ে চৰকাৰ গঠন হোৱাৰ পিছত সঁচাকৈ পৰিৱৰ্তন হ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছিল যদিও ২ বছৰত গোৰেশ্বৰত মাত্ৰ ১০ কিঃ মিঃ পথ মেৰামতি কৰি অঞ্চলটোৰৰ পৰিৱৰ্তন সাধন কৰিব বিচৰা বুলি প্ৰশ্ন উত্থাপন হৈছে৷
 
আনহাতে বিটিচিয়ে গোৰেশ্বৰৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা নাই৷ পৰিষদৰ প্ৰতিনিধি মহেশ্বৰ বসুমতাৰীয়ে সভাই-সমিতিয়ে বৰ বৰ ভাষণ দিয়ে যদিও ব্যক্তিগত পৰিৱৰ্তন আৰু উন্নয়নতহে ব্যস্ত থকা বুলি অভিযোগ উত্থাপন হয়৷ মহেশ্বৰ বসুমতাৰীয়ে উন্নয়নৰ নামত একো কৰিব পৰা নাই বুলি কয় ৰাইজে ৷ এনে এক পৰিস্থিতিত ৰাজ্য চৰকাৰক এগৰাকী মন্ত্ৰী আৰু বিটিচি পৰিষদৰ দুজনকৈ কাৰ্যবাহী থকাৰ পিছতো উন্নয়ন সম্ভৱ নোহোৱা বিষয়টো পৰিতাপৰ কথা হৈ পৰিছে গোৰেশ্বৰবাসীৰ বাবে। সঁচাকৈ এনে দৰে গোৰেশ্বৰৰ অঞ্চলটোৰ লোকে দীৰ্ঘদিন ধৰি হাৰাশাস্তি ভোগ কৰি থাকিব লাগিব নেকি তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷