৬০ ঘণ্টা অতিক্ৰম কৰিলে পঞ্চায়ত প্ৰতিনিধিৰ আমৰণ অনশনে, খবৰ নললে মন্ত্ৰী-প্ৰশাসনে

newsnextone.com | মৰিয়নীঃ মহাত্মা গান্ধীৰ সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে দেশৰ প্ৰতিখন চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাক কাৰ্যকৰী কৰাৰ শ্ল’গান দিয়ে৷ বিভিন্ন আঁচনি ৰূপায়ন কৰি প্ৰচাৰৰ নামত কোটি কোটি টকা খৰছ কৰে৷ কিন্তু দিনৰ দিনটো আঁচনি সমূহ ৰূপায়ন কৰাৰ নামত কষ্ট কৰা পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিত সময় মতে আদায় দিয়াৰ ক্ষেত্ৰত সদায় চৰম প্ৰতাৰণা কৰি আহিছে প্ৰতিখন চৰকাৰে৷ 

পূৰ্বৰ তৰুণ গগৈৰ চৰকাৰৰ দৰেই বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিৰ দৰমহা আদায় দিয়া নাই৷ তৰুণ গগৈ চৰকাৰৰ দিনত ২০ মাহ আৰু সোণোৱাল চৰকাৰ গঠনৰ দিনৰে পৰা ২৪ মাহ ধৰি এটকাও দৰমহা আদায় দিয়া নাই পঞ্চায়ত প্ৰতিনিধিক৷

মাহৰ পিছত মাহ ধৰি দৰমহা নোপোৱাৰ ফলত পঞ্চায়ত প্ৰতিনিধিসকলে সন্তানক পোহপাল দিব নোৱাৰে হৈছে৷ এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ বিভিন্ন সময়ত পাৰিতোষিত আদায় দিয়াৰ দাবী জনাই আহিছে যদিও পূৰ্বৰ গগৈ চৰকাৰৰ দৰেই বৰ্তমানৰ সোণোৱাল চৰকাৰেও প্ৰতিনিধসকলৰ দৰমহাৰ আদায় দিয়া বিষয়টোক গুৰুত্ব প্ৰদান কৰা নাই৷

পঞ্চায়তীৰাজ নিকায় যেনে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত নিৰ্বাচিত প্ৰতিনিধিসকলে জনকল্যাণমূলক আঁচনি সমূহ সফল কৰে৷ গ্ৰাম্য এলেকাৰ উন্নয়নৰ দায়িত্ব নিহিত হৈ থাকে পঞ্চায়ত কৰ্মীসকলৰ হাতত৷ কিন্তু সময়মতে দৰমহা আদায় নিদিয়াৰ ফলত আজি হাহাকাৰ কৰিব লগা হৈছে এই সকল প্ৰতিনিধিয়ে৷ 

ইয়াৰ মাজতে যোৰহাটৰ মৰিয়নীত আমৰণ অনশনত বহিছে পঞ্চায়তৰ দুই শতাধিক প্ৰতিনিধিয়ে৷ মৰিয়নীৰ পূব যোৰহাট আৰু বাঘচোং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধিনৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে আমৰণ অনশনত বহে ৫ জুনৰ পৰা৷ আমৰণ অনশনে ৬০ ঘণ্টা অতিক্ৰম কৰিবৰ হ’ল যদিও প্ৰশাসন আৰু চৰকাৰৰ কোনো প্ৰতিনিধয়ে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হয়৷

পঞ্চায়তৰ পুঁজি আৰু পঞ্চায়ত প্ৰতিনিধিৰ মাহিলী দৰমহা মুকলি কৰি দিয়াকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি ৰূপায়ন কৰা আমৰণ অনশনস্থলিত স্থানীয় বিধায়ক ৰূপজ্যোতী কূৰ্মী উপস্থিত থাকে৷ কূৰ্মীয়ে সোণোৱাল চৰকাৰক শীঘ্ৰে পঞ্চায়ত প্ৰতিনিধিক পাৰিতোষিক আদায় দিয়াৰ দাবী জনায়৷ 

ইপিনে ১৭নং পূৱ নকচাৰি গাঁও পঞ্চয়তৰ সভাপতি পলাশ প্ৰতিম বৰা অনশনস্থলিত অসুস্থ হৈ পৰাত চিকিৎসাধীন হ’ব লগা হয়৷ আনহাতে আন কেইবাজনো অনশনকাৰী অসুস্থ হৈ পৰাৰ আশংকা কৰা হৈছে৷

এখন গোহাৰিত পঞ্চায়তকৰ্মী সকলে কয় ‘‘জাতিৰ পিতা মহাত্মা গান্ধীৰ গ্ৰাম্য স্বৰাজ সপোনৰ বাস্তৱ আধাৰ স্বাধীনোত্তৰ কালৰ অসম পঞ্চায়তীৰাজ আইন ১৯৪৮, ১৯৭২, ১৯৮৬ আৰু ১৯৯২ চনৰ পঞ্চায়তীৰাজ আইন ব্যৱস্থাৰ সংবিধানৰ (৭৩) সংশোধনীৰ আধাৰত অসম চৰকাৰে ১৯৯৪ চনৰ ৫ মে’ত গ্ৰহণ কৰা অসম পঞ্চায়তী আইনৰ জৰিয়তে গ্ৰামীণ জনসাধাৰণক ২৯টা বিভাগৰ ক্ষমতাবিকেন্দ্ৰীকৰণ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাটোত সক্ৰিয় অংশগ্ৰহণেৰে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ জৰিয়তে আঁচনি ৰূপায়ণ কৰা হয়৷ অসমৰ জনসাধাৰণৰ সৰ্বদিশ উন্নয়নৰ হকে ৫ বছৰ জোৰা কাৰ্যনিবাহ কৰি অহা মৰিয়নী সমষ্টিৰ অন্তৰ্গত পূব-যোৰহাট উন্নয়ন খণ্ড আৰু বাঘচোং উন্নয়ন খণ্ডৰ অধিনৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰতিনিধিসকলৰ অনাদায় পাৰিতোষিক আদায়, আমাৰ গাঁও আমাৰ আঁচনিৰ জৰিয়তে অনুমোদিত আঁচনি ৰূপায়ন, চতুৰ্দশ বিত্ত আয়োগ আৰু পঞ্চদশ বিত্ত আয়োগৰ অনুমোদিত আঁচনিৰ ধন মুকলি কৰি দিয়াৰ দাবী জনাও৷ অসমৰ গ্ৰাম্য উন্নয়নৰ গাঁথনিত পঞ্চায়তীৰাজ ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰাৰ দাবীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে যোৰহাট জিলাৰ উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ যোগে চৰকাৰক দাবী জনাও৷’’

অনশনকাৰী পঞ্চায়ত প্ৰতিনিধিসকলে ১৯৯৪ চনত অসম পঞ্চায়তী আইন ১৪০(১) ধাৰা অনুসৰি অসম চৰকাৰে নিৰ্দিষ্ট কৰা মাহেকীয়া ৪৪ মাহৰ পাৰিতোষিক আদায় দিয়া, চতুৰ্দশ বিত্ত আয়োগ, পঞ্চদশ বিত্ত আয়োগৰ ২০১৬-১৭-১৮ বৰ্ষৰ আঁচনিৰ অনুমোদিত ধন গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলৰ পূৰ্ণ স্বাক্ষৰ কৰ্তৃত্ব প্ৰদান কৰি আঁচনিসমূহ ৰূপায়ন কৰা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত বৰ্তমান কাৰ্যকাল অন্ত পৰা পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যকাল বাহাল ৰখাৰ দাবী জনায়৷