বোকাখাতত জনজাতীয় মহিলাক ধৰ্ষণ-হত্যা, মন্ত্ৰী অতুলক ধিক্কাৰ, সুৰক্ষা বিচাৰি ৰাজপথত অবলা নাৰী

newsnextone.com | কাজিৰঙাঃ ৰাজ্যৰ প্ৰশাসনে নাৰী সুৰক্ষাৰ নামত যিমানেই ঢাক-ঢোল নবজাওক কিয়, কোনোপধ্যেই সুৰক্ষিত নহয় ৰাজ্যৰ মহিলাসকল৷ ৰাজ্যৰ বিভিন্ন স্থানত নাৰী নিৰ্যাতনৰ ঘটনা সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈ থকাৰ সময়তে গোলাঘাট জিলাৰ বোকাখাতত বুধবাৰে এগৰাকী জনজাতীয় মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, মহিলাৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছিল ৰাইজে৷  

যাৰ ফলত অসুৰক্ষিত অসমৰ নাৰীয়ে নিজৰ সুৰক্ষা বিচাৰি ৰাজপথত ওলাই আহিব লগা হৈছে৷ নাৰীয়ে আত্মৰক্ষাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ 

নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা মন্ত্ৰী অতুল বৰাৰ সমষ্টিত এমাহৰ ভিতৰতে দুগৰাকী জনজাতি আৰু এগৰাকী অনুসূচীত জনগোষ্ঠীৰ মহিলাক হত্যা কৰাৰ ঘটনাই চিন্তিত কৰি তুলিছে ৰাইজক৷ যাৰ ফলস্বৰূপে বৃহস্পতিবাৰে বোকাখাতৰ ধনশিৰি মুখৰ পলাশগুৰি বিডিএম ৰোডত শ-শ পুৰুষ-মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি নাৰীক নিৰাপত্তা দিয়াৰ দাবী জনায়। জনজাতীয় মহিলাক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ তদন্তৰ দাবী জনাই ৰাইজে৷

ৰাইজে বুধবাৰে নিশাৰে পৰা পথ অৱৰোধ কৰাৰ ফলত উত্তপ্ত হৈ পৰে পলাশগুৰি অঞ্চল৷ ন্যায় প্ৰদান তথা উচিত তদন্ত অবিহনে কোনো কাৰণতে ধৰ্ষণৰ বলি হোৱা মহিলাৰ মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দিয়ে ৰাইজে৷ ধনশিৰি মুখৰ বিডিএম ৰোড প্ৰতিবাদকাৰীসকলে অৱৰোধ কৰি ৰাখে৷ উল্লেখ্য যে, জীপাল কৃষক শ্ৰমিক সংঘ, টিএমপিকে, টিএমএমকে, এমএমকে, কনকলতা মহিলা সমিতিৰ লগতে ধনশিৰি মুখৰ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাসকল ৰাজপথলে ওলাই আহি ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে দোষীক আটক কৰি শাস্তিৰ দাবী জনায়৷

অসম পুলিচ লেইলেই-চেইচেই, অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হুঁচিয়াৰ, পুলিচ প্ৰশাসন গ’বেক, আমাৰ সংগ্ৰাম চলিছে চলিবই, আমাক ন্যায় লাগে আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে ৰাইজে। স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাক প্ৰতিবাদস্থলিত উপস্থিত হোৱাৰ দাবী জনাইছিল যদিও মন্ত্ৰীয়ে ৰাইজৰ দাবীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷  

দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে৷ অন্যথাই প্ৰতিবাদ কৰি যোৱাৰ ভাবুকি প্ৰদান কৰে৷ আৰক্ষী তথা প্ৰশাসনে ৰাইজক বুজনি দিবলৈ চেষ্টা কৰে যদিও সফল হবলৈ সক্ষম নহ’ল৷ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয় প্ৰতিবাদস্থলিত উপস্থিত হৈ এখন দুজনীয়া তদন্ত সমিতি গঠন কৰাৰ ঘোষণা কৰে। অসম গণ পৰিষদ দলৰ বোকাখাতৰ নেতা জগত কলিতা আৰু জীৱেশ্বৰ বৰাই প্ৰতিবাদস্থলিত উপস্থিত হৈ কেবিনেট মন্ত্ৰী অতুল বৰাই ৰাইজৰ ওচৰলৈ আহিব বুলি আশ্বাস দিয়ে। 

কিন্তু পৰৱৰ্তী সময়ত অগপ দলৰ নেতা-কৰ্মীয়ে প্ৰতিবাদস্থলিত উপস্থিত হৈ স্থানীয় বিধায়ক অতুল বৰা প্ৰতিবাদস্থলিলৈ আহিব নোৱাৰে বুলি কোৱাত ৰাইজ ক্ষোভিত হৈ পৰে আৰু অতুল বৰাৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰে৷ একাশ মহিলাই মন্ত্ৰী অতুল বৰাক ধিক্কাৰ দি বিপদত সময়ত আমাৰ ওচৰত নথকা বিধায়কক আমাক নালাগে বুলি কয়৷ দোষীক কৰায়ত্ত নকৰা পৰ্যন্ত কোনো কাৰণতে মৃতদেহ চমজি লোৱা নহব বুলি হুংকাৰ দি বাতৰি সংগ্ৰহ কৰা পৰলৈকে ৰাইজে আৰু প্ৰতিবাদ অব্যাহত ৰাখে৷