লাহোৱাল-নাদুৱাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

newsnextone.com | ডিব্ৰুগড়ঃ লাহোৱাল বিধানসভা সমষ্টিৰ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন হৈ যায়। সঞ্জয় দত্তই আঁতধৰা অনুষ্ঠানত সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ গোস্বামী, উচ্চতৰ মাধ‍্যমিক পৰীক্ষা কেন্দ্ৰৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ কেশৱ দত্ত, হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ হিৰণ্য গোহাঁই সেনাপতি, সঞ্জয় হাজৰিকা, যাদৱ গগৈ, ভূপেন গগৈ উপস্থিত থাকে। 

বিদ্যালয়ৰ অধ‍্যক্ষা মৰ্জিনা গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে সভাৰ উদ্দেশ্য ব‍্যাখা কৰে। বিদ‍্যালয়ৰ উপাধ্যক্ষ কৃষ্ণকমল শইকীয়াৰ নেতৃত্বত ছাত্ৰীসকলৰ দ্বাৰা এটি কোৰাচ পৰিবেশন কৰে। সভাত সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী উপস্থিত থাকে। মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ‍্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিধায়ক ঋতুপৰ্ণ বৰুৱাই একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। 

মাতৃভাষা মাধ্যমত পঢ়া দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক পাৰ্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিদ্যালয় কতৃপক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে এখন ফুলাম গামোচা, নগদ ধন আৰু উপহাৰেৰে শুভেচ্ছা জ্ঞাপন কৰে ছাত্ৰ-ছাত্ৰীসকলক। সভাত স্বৰ্গীয় লেহুক চন্দ্ৰ দত্ত সোঁৱৰণী বটাঁ প্ৰদান কৰা হয়। বটাঁ লাভ কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ‍্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত চিন্ময় দত্তই।

চাবুৱা চাংমাই বৰুৱা পথাৰ যুৱ সংঘৰ উদ্যোগত নাদুৱা শাখা মটক যুৱ-ছাত্র পৰিষদৰ সহযোগত নাদুৱা চাংমাই বৰুৱা পথাৰত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অাঁতধৰা অনুষ্ঠানত নাদুৱা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দিলীপ বৰুৱা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি দেৱজিৎ ৰাজখোৱা, চেংধৰা ফুকনাখাট মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক শান্তনু চেতিয়া, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন বৰুৱা, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জল বৰুৱা, আমছুৰ ডিব্ৰুগড় জিলা উপদেষ্টা চফি অালম খান, সভাপতি ইমটিয়াজ আলী, সাধাৰণ সম্পাদক সম্পাদক অাব্দুল ৰচিদ অাহমেদ আৰু সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াৰ লগতে চাবুৱাৰ সাংবাদিক ৰাজু সিং উপস্থিত থাকে৷ 

মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাংস্কৃতিক অাৰু শিক্ষা সম্পাদক সঞ্জু গগৈয়ে অাদৰণি ভাষণ অাগবঢ়ায়৷ সভাৰ উদ্দেশ্য ব্যাখা কৰে মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক উপেন সেনাপতিয়ে৷ চাবুৱাৰ হাতীঅালি অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অাৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উওীৰ্ণ ছাত্র-ছাত্রীসকলক একোখনকৈ ফুলাম গামোচা, অভিনন্দন পত্রৰ লগতে উপহাৰেৰে অভিনন্দন জ্ঞাপন কৰে৷ সভাত নাদুৱা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা তথা ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ পল্লৱী গন্ধিয়া, শিক্ষক হীৰেন্দ্ৰ দিহিংঙীয়া আৰু শিক্ষক হেম ফুকনক চেলেং চাদৰ অাৰু জাপিৰে সম্বৰ্ধনা জনায়৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায়৷