স্কুটিত আহি বিদ্যালয়ৰ সন্মুখত ৰৈ ছাত্ৰীক সদায় দিছিল অশ্লীল ইংগিত, ৰঙাঘৰত ৰাজু

newsnextone.com | খেৰণিঃ চৰকাৰে নাৰী নিৰ্যাতন ৰোধ কৰাৰ বাবে কেইবাখনো আইন প্ৰৱৰ্তন কৰিছে৷ কিন্তু তাৰ পিছতে প্ৰতিদিনে শিশুৰ পৰা বৃদ্ধালৈ অনেক নাৰী এচাম নৰপিশাচৰ কামনাৰ বলি হ’বলগীয়া হৈছে৷ চৰকাৰে এফালে নাৰী সুৰক্ষাৰ ঢাক-ঢোল বজালেও আনফালে নাৰী সুৰক্ষাক নৈ নিজেই সন্দিহান হৈ পৰিচে নাৰী জাতি৷

নাৰী নিৰ্যাতিত হয় শিক্ষকৰ শ্ৰেণীকোঠাত, নাৰী নিৰ্যাতিত হয় বাটে-ঘাটেও৷ বিশেষকৈ ছাত্ৰী আৰু নাবালিকাসকল নিৰ্যাতনৰ বলি হোৱা ঘটনা দিনক দিনে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে৷ যাৰ ফলত নিজৰ ছোৱালী সন্তানৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল৷

সমগ্ৰ দেশ জুৰি নাৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকা সময়তে ৰাজ্যত পুনৰ সংঘটিত হ’ল এক অপ্ৰিতীকৰ ঘটনা৷ ছাত্ৰীক অশ্লীল ইংগিত দি এইবাৰ ৰঙাঘৰৰ আলহী হ’ল পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ৰাজু দাস নামৰ এজন যুৱক৷ 

জানিব পৰা মতে, যোৱা কিছুদিনৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ চেংবং প্ৰাথমিক বিদ্যালয়ত এজন অচিনাক্ত যুৱকে প্ৰায় সময়তে উল্লেখিত বিদ্যালয়খনৰ সন্মুখত এখন স্কুটি ৰখাই ফোন কৰাৰ চলেৰে বিদ্যালয়ৰ ছাত্ৰীক মাতি অশ্লীল প্ৰস্তাপ দি আহিছিল। কেইোেবাদিনো ধৰি যুৱকজনে এনে কাণ্ড সংঘটিত কৰাত অৱশেষত বিদ্যালয়খনৰ ছাত্ৰী সকলে প্ৰধান শিক্ষয়ত্ৰিক যুৱকজনৰ বিষয়ে অৱগত কৰে৷ 

ঘটনাৰ সত্যাসত্য নিৰূপণ কৰি ২ জুনত বিদ্যালয়ৰ কৰ্তৃপক্ষই খেৰণি থানাত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

আনহাতে, ৬ জুনত লম্পট যুৱকজনে পূৰ্বৰ দৰে বিদ্যালয় খনৰ সন্মুখত পুনৰ উপস্থিত হৈ একে কাণ্ড সংঘটিত কৰি ছাত্ৰীসকলক অশ্লীল ইংগিত দিয়ে। যুৱক জনৰ ভাৱ ভংগী একাংশ অভিভাৱক আৰু স্থানীয় লোকৰ চকুত পৰাত যুৱকজনক সকিয়নী দিবলৈ অহা সময়তে অচিনাক্ত যুৱক জনে পলায়ন কৰে। 

ইফালে স্থানীয় ৰাইজ আৰু একাংশ অভিভাৱকে যুৱক জনৰ বিষয়ে খেৰণি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই লম্পট ৰাজু দাস নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত ৰাজু দাসৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷