দৰিদ্ৰৰ বাবে ৰোগ মানেই বৰবিহ, মানুহক ভাল পোৱা মানুহৰ সহায় লাগে ৰূপজ্যোতিক

newsnextone.com | ছৈখোৱাঃ দৰিদ্ৰৰ বাবে সকলো ৰোগেই বৰবিহ সদৃশ৷ কোনোমতে টানিটুনি দুবেলাৰ দুমুঠিৰ যোগাৰ কৰিব পাৰি, কিন্তু যদি পৰিয়ালৰ কোনো সদস্য ৰোগত আক্ৰান্ত হয়, তেন্তে পৰিয়াললৈ নামি আহে ঘোৰ অমানিশা৷ সেই কথা বহুবাৰ বহুজনৰ ক্ষেত্ৰত প্ৰমাণ হৈছে৷ অসম মুলুকত দৰিদ্ৰ পৰিয়ালৰ কোনো সদস্যৰ সাধাৰণ ৰোগ হ’লে কেনে ধৰণৰ পৰিস্থিতি হয় সেই কথা নতুনকৈ বুজাই কোৱাৰ প্ৰয়োজন নাথাকে৷ 

কেন্দ্ৰ-ৰাজ্য চৰকাৰে গৰীৱৰ বাবে কোটি কোটি টকা খৰছ কৰি চিকিৎসালয় স্থাপন কৰে যদিও গৰীৱৰ বাবে সেয়া ফুটুকাৰ ফেন হৈ পৰে৷ বিশেষকৈ অসমৰ গ্ৰাম্য এলেকাৰ চিকিৎসা সেৱা এক প্ৰহসনহে মাথোন৷ গৰীৱক উপযুক্ত সেৱা আগবঢ়াবলৈ নাথাকে চিকিৎসক, দৰৱ তথা আন আন সুবিধা৷ ৰাজ্যৰ গ্ৰাম্য এলেকাত প্ৰতিখন চৰকাৰে চিকিৎসালয় স্থাপন কৰে যদিও সেয়া কেৱল এটা জকা হে মাথোন৷ মুঠৰ ওপৰত উপযুক্ত চিকিৎসা সেৱা বিচাৰি হায়ৰান হ’ব লগা হয় দৰিদ্ৰ পৰিয়াল৷
 
তিনিচুকীয়া জিলাৰ শদিয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰো এতিয়া তেনে অৱস্থাৰ মাজেৰেই যুুঁজ দি পাৰ কৰিব লাগা হৈছে সময়৷ যোৱা ৭টা বছৰে বিচনাত যন্ত্ৰণাকাতৰ সময় পাৰ কৰিছে এগৰাকী অবলা নাৰীয়ে৷ যিগৰাকী নাৰীৰ সপোন আছিল নিজ ঘৰ খনৰ বাবে কিবা এটা কৰাৰ৷ দৰিদ্ৰ পৰিয়ালটোৰ বাবে উপাৰ্জনৰ মাধ্যম হ’ব খুজিছিল৷ জন্মৰ পৰাই দৰিদ্ৰতাক ওচৰৰ পৰা দেখা পোৱা যুৱতীগৰাকীয়ে পিতৃ-মাতৃক সুখত ৰাখিব বিচাৰিছিল৷ কিন্তু সকলো সপোন শেষ হৈ গ’ল পলকতে৷

শদিয়াৰ ৰামপুৰ মেগেলা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী গাভৰু তাই৷ অত্যন্ত সাহসী আৰু ভাগৰি নপৰা গাভৰুগৰাকীয়ে যদিও আজি বিচনাৰ সংগী তথাপিও আশা পুহি ৰাখিছে মই এদিন সুস্থ হম আকৌ সপোন দেখিবলৈ আৰম্ভ কৰিম৷ দৰিদ্ৰ কৃষক হেমধৰ বুঢ়াগোঁহাইৰ সন্তান ৰূপজ্যোতিৰ নামত পিতৃয়ে সোণ চপাই আনি পৰিয়াল পোহপাল দিয়া সোণৰ দৰে কৃষিভূমি বিক্ৰী কৰিছে৷ তথাপিও আতৰা নাই অমানিশাৰ এন্ধাৰ৷

দশম শ্ৰেণীৰ পৰাই এক জটিল ৰোগত আক্ৰান্ত হৈছে ৰূপজ্যোতি বুঢ়োগোঁহাই৷ এখন ভৰি অস্বাভাৱাবিক ভাৱে ডাঙৰ হৈ পৰিচে তাইৰ৷ যাৰ ফলত যোৱা ৭ বছৰে বিচনাকে সংগী কৰি ল’ব লগীয়া হৈছে ৰূপজ্যোতিয়ে৷ হেমধৰ বুঢ়াগোঁহাইয়ে নিজ সামৰ্থৰে কন্যাৰ চিকিৎসা কৰিছে যদিও এতিয়াও সুস্থ হৈ উঠা নাই ৰূপজ্যোতি৷

আনহাতে ৰূপজ্যোতিৰ দেহত ৩ বাৰকৈ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰি ফলাফল লাভ নকৰাত ডাক্তৰে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিছে যদিও দৰিদ্ৰ পৰিয়ালটোৰ আৰ্থিক অনাটনে সেয়া সম্ভৱ কৰিব পৰা নাই৷ তথাপিও ৰূপজ্যোতিৰ পিতৃ-মাতৃয়ে নিজ কন্যাক সুস্থ কৰি তোলাৰ সপোন দেখিবলৈ এৰা নাই৷ থকা খিনিলৈকে সকলো শেষ কৰি হলেও নিজ কন্যাক সুস্থ কৰিব বিচাৰে৷ এতিয়া দৰিদ্ৰ পৰিয়ালটোক প্ৰকৃততে লাগে মানুহৰ সহায়৷ মানুহক ভাল পোৱা মানুহৰ সহায় লাগে ৰূপজ্যোতিৰ পৰিয়ালক৷ চকুপানীৰ মূল্য বুজা মানুহৰ সহায় লাগে৷ যাৰ দ্বাৰা আকৌ থিয় দিব খোজে ৰূপজ্যোতিয়ে৷

কোনো মানুহক ভাল মানুহে যদি ৰূপজ্যোতিক সুস্থ অৱস্থালৈ ঘুৰাই আনিবলৈ আৰ্থিক অনুদান আগবঢ়াব বিচাৰে তেন্তে ৯৬৬৫৩৫৭৮২৮ অথৱা ৭৫৭৮৯৬১৮১৬ নম্বৰত যোগাযোগ কৰিব পাৰে৷ তদুপৰি ষ্টেট বেংকৰ ৩৫০৭৫৭১৯১৮৮ একাউন্ট যোগে ধন প্ৰেৰণ কৰিব পাৰে বুলিও জানিবলৈ দিয়ে পৰিয়ালে৷