গাঁৱত বিদ্যুতৰ লুকা-ভাকু, গেলা গৰমত নিৰ্বাচনৰ প্ৰতিশ্ৰুতিলৈ মনত পৰিছে ৰাইজৰ

newsnextone.com | নগাঁওঃ যোৱা ভালেকেইদিন ধৰি গ্ৰাম্য এলেকাৰ লোকে বিদ্যুতৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে৷ বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪ ঘণ্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ৰাজপথত ওলোমাই ৰখা ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া এঐখন বেনাৰ ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰিছে ছচিয়েল মিডিয়াত৷

যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতিৰ অন্য এটা আছিল ২৪ ঘণ্টা বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি৷ কিন্তু সেই প্ৰতিশ্ৰুতি গ্ৰাম্য এলেকাৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বিজেপি চৰকাৰে৷ উৎকট গৰমে অসহ্য কৰি তুলিছে জনজীৱন৷ ব্যাঘাট জন্মাইছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়াত৷ সকলোৱে বাট চাই ৰৈছে এচাটি গা-জুৰ পৰা শীতল বতাহৰ আশাত৷ কিন্তু তেনে আশাক বাস্তৱায়িত কৰিবলৈ অহা নাই এচাটি বতাহ৷ যেন ৰ’দে তপত খোলাত দিছে সকলোকে৷ 

পেপচি, কোকাকোলা, মিৰিণ্ডা, থামচআপ আদি ক’ল্ড ড্ৰিংকচৰ লগতে ডাব নাৰিকলৰ পানী নতুবা কুঁহিয়াৰ ৰসেও সাত পেলাব পৰা নাই দেহা৷ দিনটোত তিনি-চাৰিবাৰ গা-ধুইও পোৱা নাই শান্তি৷ ইপিনে, ভূতৰ ওপৰত দানহ পৰাদি উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন কৰ্তনে স্তব্ধ কৰি তুলিছে স্বাভাৱিক জনজীৱন৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নগাঁও জিলাৰ গ্ৰাম্য অঞ্চলত ৰাতিৰ কথাটো বাদেই দিনৰ ভাগতো ৮-১০ বাৰকৈ লোডশ্বেডিং হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে৷

গ্ৰাম্য অঞ্চলত বিদ্যুৎ সেৱা এইকেইদিন ইমানেই শোচনীয় হৈ পৰিছে যে ২৪ ঘন্টাৰ ভিতৰত কেৱল মাত্ৰ ১০-১২ ঘণ্টাহে কোনোমতে গ্ৰাহকসকলে সেৱা লাভ কৰি আহিছে৷ ফলস্বৰূপে সম্প্ৰতি অভাৱনীয়ভাৱে বৃদ্ধি হোৱা প্ৰচণ্ড গৰমত বিদ্যুতৰ অভাৱত গ্ৰাহকসকলে জীয়াতু ভুগিছে৷ ইফালে, নিতৌ মানুহেৰে ভৰি থকা গাঁও সমূহত বজাৰ-হাট, বাট-পথ, ৰাজহুৱা স্থান কিম্বা যাত্ৰীবাহী যান-বাহনত এইকেইদিন মানুহৰ সমাগম দিনৰ ভাগত একেবাৰে সেৰেঙা হৈ পৰা দেখা গৈছে৷ অসহনীয় উষ্ণতাত ত্ৰাহি মধুসূদন সোঁৱৰি অলপমান ঠাণ্ডা পৰিৱেশ বিচাৰি হামৰাও কাঢ়িছে সকলোৱে৷

আনকি সদায় বিভিন্ন কামত চহৰত ভিৰ কৰা গঞাৰাইজে চহৰলৈ ওলাই নাহি গাঁৱতে যেন বিচাৰি ফুৰিছে ঠাণ্ডা পৰিৱেশ নতুবা এচাটি শীতল বতাহ৷ উল্লেখ্য, আশাতোষ গোৱাৰিকৰ 'লগান' নতুবা গ্ৰীক পুৰাণৰ 'শুকান দিন' অথবা হোমেন বৰগোঞিৰ 'পিতাপুত্ৰ' সদৃশ পৰিৱেশৰ সৃষ্টি বৰ্তমানে নহ’লেও তীব্ৰ গৰমে কিন্তু বিপৰ্যস্ত কৰিছে জনজীৱন৷ মানুহক দিও বুলিয়েই দিছে প্ৰকৃতিয়ে শাস্তি৷ হয়তো জীৱ শ্ৰেষ্ঠ মানুহে অবাধে চলোৱা প্ৰকৃতি ধ্বংস অভিযানৰ প্ৰতিবাদ কৰিয়েই অহা নাই এচাটি মলয়া বতাহ কিম্বা এজাক বৰষুণ৷ কাজেই, অসহ্য গৰমত ছটফটাই থকাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈ পৰিছে সকলোৰে৷