
newsnextone.com | কাজিৰঙাঃ বন বিভাগে অভিযান চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা এগৰাকী গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গঁড় হত্যাৰ বাবে পৰিকল্পনা কৰা লোকজনক বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত শুকানিগাঁৱৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে৷ পাপু বৰা নামৰ লোকজনক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী বিষয়া ৰোহিনী বল্লৱ শইকীয়া জনোৱা মতে, যোৱা ৩০ মে'ত কাজিৰঙাত বনৰক্ষীয়ে দুজন গঁড় চিকাৰী আটক কৰিছিল।
উদ্যানৰ অগৰাতলি বনাঞ্চলত প্ৰৱেশ কৰিবলৈ লওতেই শৰৎ শইকীয়া আৰু এন থাংগবায়ী নামৰ গঁড় চিকাৰী দুজনক আটক কৰিছিল বনবিভাগে। আটকাধীন চিকাৰী দুগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাতৰ তামুলীপথাৰ নিৱাসী শৰৎ শইকীয়াৰ বাসগৃহৰ পৰা এটা ৩০৩ ৰাইফল, ২৪ জাঁই গুলী আৰু এখন কুঠাৰ উদ্ধাৰ কৰিছিল বনবিভাগে।
আনহাতে, ঘটনাৰ তদন্তৰ অন্তত গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগত পাপু বৰা নামৰ লোকজনক কাজিৰঙা বনবিভাগে গ্ৰেপ্তাৰ কৰে।