
newsnextone.com | গোৱালপাৰাঃ শ্বহীদক প্ৰণাম জনাবলৈ পুৱাৰে পৰা ৰৈ আছিল হাজাৰ হাজাৰ লোক৷ দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে যুঁজ দি শ্বহীদ হয় অসম-মেঘালয় সীমান্তৰ মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ চিআৰপিএফৰ কোব্ৰা বাহিনীৰ জোৱান উৎপল ৰাভা৷
উল্লেখ্য যে, ঝাৰখাণ্ডৰ চাৰাইকেলাত মাওবাদীৰ সৈতে সংঘৰ্ষত যোৱা ০৭ জুনত শ্বহীদ হৈছিল মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ বাজেংদোবাৰ চিআৰপিএফৰ কোব্ৰা বাহিনীৰ জোৱান উৎপল ৰাভাই৷ মাওবাদীৰ বিৰুদ্ধে চিআৰপিএফৰ কোব্ৰা বাহিনীৰ এটা দলে অভিযান চলাই থকাৰ সময়তে মাওবাদীৰ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দল এটাৰে মুখামুখী হৈছিল৷ তাৰ পাছত সংঘৰ্ষ লগাৰ ফলত শ্বহীদ হয় উৎপল ৰাভা৷
শ্বহীদ উৎপল ৰাভাৰ নশ্বৰ দেহ শুকুৰবাৰে নিজ গৃহভূমি আহি পায়৷ চিআৰপিএফৰ ২০৯নং বেটেলিয়ান আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল উৎপল ৰাভাই৷
উত্তৰ পূৰ্বাঞ্চলৰ সন্তান শ্বহীদ জোৱানৰ মৃতদেহ শুকুৰবাৰে বাজেংদোবালৈ লৈ আহে চিৰপিএফ তথা প্ৰশাসনে৷ শ্বহীদ ৰাভাৰ মৃতদেহ বাজেংদোবা পোৱাৰ পিছতে এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ সকলোৰে চকু-লো বৈ আহে৷ পুৱাৰে পৰা গাঁওখন মানুহৰে ভৰি পৰা পৰিলক্ষিত হৈছিল৷
পুৱাৰে পৰা বাজেংদোবাৰ আৱাল-বৃদ্ধ-বনিতাই কন্দা-কটা কৰা পৰিলক্ষিত হৈছিল। অৱশেষত গাড়ীত শ্বহীদৰ মৃতদেহ লৈ অহাত পৰিয়াল তথা অঞ্চলটোৰ লোকে আই-মাতৃয়ে ইনাই বিনাই কান্দিছিল৷ শ্বহীদৰ মৃতদেহ আহি পোৱাৰ পিছতে যেন কোনেও চকুলো ৰখাব পৰা নাছিল৷
অসম-মেঘালয় সীমান্তৰ বাজেংদোবাৰ বাসগৃহত শ্বহীদ জোৱান জনৰ মৃতদেহ উপস্থিত হোৱাৰ পিছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে৷ কেইবা সহস্ৰাধিক লোক সমবেত হৈ শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা যাচে৷ শুকুৰবাৰে বাজেংদোবাৰ ৰাজহুৱা পথাৰত ৰাষ্ট্ৰীয় মৰ্যদাৰে বিদায় দিয়া হোৱা জোৱানজনক৷ যোৱা দুদিন ধৰি শ্বহীদ জোৱান জনৰ ঘৰত লোকে ভিৰ কৰিছিল৷