
newsnextone.com | খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী, কাৰ্যবাহী সদস্য আৰু জিএমসকলে নিতৌ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰি আহিছে যদিও এই চমকে ৰাইজৰ উন্নয়ন সাধিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷
সভাই সমিতিয়ে বৰ বৰ ভাষণ দি ক্ষমতা দখল কৰা বিজেপি নেতাসকলে স্বায়ত্ত পৰিষদ খনৰ গ্ৰাম্য এলেকাৰ লগতে টাউন কেইখনৰো উন্নয়ন সাধিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ কিয়নো উন্নয়নৰ নামত কোটি কোটি টকা খৰছ কৰাৰ পিছতো চহৰ কেইখনত নজ্বলে ষ্ট্ৰীট লাইট৷ যাৰ ফলত প্ৰতিবাদ কৰিব লগা হয় কাৰ্বি ছাত্ৰ সন্থাই৷
পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ চহৰ হামৰেনত ষ্ট্ৰীট লাইট আছে যদিও পোহৰ হ’লে আজিলৈ দিব পৰা নাই৷ যাৰ ফলত বেলি ডুবাৰ পিছতে চৌদিশে অন্ধকাৰময় পৰিবেশৰ সৃষ্টি হয়৷
কেইবাটাও বছৰ ধৰি ষ্ট্ৰীট লাইট সমূহ নজ্বলাকৈয়ে আছে৷ হামৰেন নগৰ সমিতি-জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ হামৰেন চহৰত পোহৰৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি ছাত্ৰ সন্থাই৷ শুকুৰবাৰে নিশা জোঁৰ সমদল উলিয়াই চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে সংগঠনটোৱে।
সংগঠনটোৱে অভিযোগ উত্থাপন কৰা মতে, পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনত চহৰ সমিতি আৰু জিলা প্ৰশাসনৰ অৱহেলাৰ ফলত কেইবাবছৰ ধৰি ষ্ট্ৰীট লাইট সমূহ বিকল হৈ আছে। যাৰ ফলত বেলি ডুব যোৱাৰ লগে লগে ব্যস্ত চহৰখন অন্ধকাৰ হৈ পৰাৰ লগতে জনজীৱন স্তদ্ধ হৈ পৰে৷
পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেন চহৰত শীঘ্ৰে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ দাবী জনায় কাৰ্বি ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়াই। ষ্ট্ৰীট লাইটৰ ব্যৱস্থা গ্ৰহণ কৰক, হামৰেনক শীঘ্ৰে পোহৰ লাগে আদি শ্ল’গানেৰে সমগ্ৰ হামৰেন চহৰ উত্তাল কৰি তোলে। কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেন আঞ্চলিক সমিতিৰ সভাপতি প্ৰশান্ত ইংতি, আৰু সম্পাদক বালিচন বে’য়ে শীঘ্ৰে পোহৰৰ ব্যৱস্থা নকৰিলে পুনৰ আন্দোলন কৰাৰ ঘোষণা কৰে৷