
newsnextone.com | গুৱাহাটীঃ এটা জাতিক কেতিয়া সভ্য হিচাপে আখ্যা দিয়া হয়। নতুবা এখন সমাজত কিমান নিৰ্দয় মানুহ থাকিব পাৰে? এনেবোৰ প্ৰশ্নই কেতিয়াবা চিন্তাশীল মানুহৰ অৱচেতন মনত দোলা দিয়ে। কেতিয়াবা এটা জাতিৰ মানুহৰ প্ৰতি আন এক জাতিয়ে ক্ষোভ উজাৰিব পাৰে৷ নতুবা এটা জাতিৰ একাংশ মুষ্টিমেয় মানুহৰ বাবেই লজ্জিত হ’ব পাৰে সমগ্ৰ জাতি৷
আমি সততে কোৱা শুনিবলৈ পাও, নলবেইৰা ল’ৰাবোৰ ধুৰন্ধৰ অথৱা তিনিচুকীয়াৰ ছোৱালীবোৰে লেনিয়াই কথা কয়৷ আমি এয়াও শুনো যে বাঙালী জাতি অতি চালাক, অসমীয়া জাতি এলেহুৱা, মাৰাঠী জাতি খঙাল ইত্যাদি ইত্যাদি৷ প্ৰকৃততে এয়াই সঁচা নে? মুঠেও নহয়৷ সকলো বাঙালী লোকেই চতুৰ ন’হবও পাৰে, সকলো তিনিচুকীয়াৰ ছোৱালীয়ে লেনিয়াই কথা নকয়৷
তথাপি তেনেদৰে কোৱা হয়৷ কিয়নো শ্ৰেণী বা জাতিৰ কোনো এজন লোকৰ বাবে কোনো এখন সমাজত সেই দোষটো আছে৷ যাৰ বাবে এখন সমাজৰ এটা বেয়া দিশৰ বাবেই সমগ্ৰ জাতিটোকে সেই দোষটোৰে চিনাকি দিয়া হয়৷ এয়া কোনো নতুন কথা নহয়, হয়তো সেইবাবেই কোৱা হয়, এখন সমাজত বাস কৰা মানুহৰ মন মানেই জাতিৰ পৰিচয়৷
বহুতেই অসমীয়াক খাৰখোৱা হিচাপেই চিনে৷ বিশেষকৈ পশ্চিম বংগত অসমীয়াক ‘খাৰ খোৱা’ বুলি কোৱা শুনিবলৈ পোৱা যায়৷ আনহাতে এলেহুৱা বুলিও অসমীয়াৰ বদনাম এটা আছে৷ কিন্তু ইমানৰ পিছতো অসমীয়াৰ এটা ভাল নাম এটাও আছিল৷ যিটো হয়তো লালে লাহে নোহোৱা হ’বলৈ ধৰিছে৷ অসমীয়া জাতিক অতিথি পৰায়ণ আৰু সহজ সৰল বুলি বাহিৰৰ দেশৰ মানুহে মানি লৈছিল৷ অসমীয়াই হেনো কোনো বেয়া কাম নকৰে, অসমীয়া সহজ সৰল, অসমীয়া স্নেহপৰায়ণ৷ অসমৰ বাহিৰৰ পৰা যেতিয়া কোনো পৰ্যটক অসমলৈ আহে অসমৰ মানুহৰ বিষয়ে তেওঁলোকে এনেদৰেই মন্তব্য কৰে৷ এয়াই আছিল অসমীয়াৰ গৌৰৱ৷
কিন্তু সময় পৰিৱৰ্তনশীল৷ সময়ৰ লগে লগে একাংশ অসমীয়াৰ মনবোৰো সলনি হৈ গ’ল৷ সহজ সৰল অসমীয়া বুলি পৰিচিত জাতিটো আজি বিদেশত এক বৰ্বৰ জাতি হিচাপে পৰিচিত হ'বলৈ ধৰিছে নেকি? বাহিৰত আধুনিক পোছাক পিন্ধি ঘুৰি ফুৰিলেও অসমীয়াৰ আধুনিকতাৰ ভঁৰাল এতিয়াও শূন্য৷ অতি অন্ধবিশ্বাস আৰু অনগ্ৰসৰতাই এতিয়া অসমীয়াক বৰ্বৰ, অমানুহ হিচাপে পৰিচয় দিছে৷ যেন অসমীয়া বুলিলেই আজি এটি সভ্যতাৰ পোহৰ নেদেখা জাতিৰ লোকৰ দৰেই হৈছে৷
হত্যা, ধৰ্ষণ, নিৰ্যাতন, ঠগ, প্ৰৱঞ্চনাত অসমীয়া আজি আগত৷ একাংশ নিৰ্মম পাষবিক মনৰ মানুহৰ বাবে আজি সমগ্ৰ অসমীয়া জাতিয়ে কলংকৰ ছাঁই মুখত সানি ল’বলৈ বাধ্য হৈছে৷ অসমীয়াৰ বিচাৰ ধাৰা আজি যেন নাদত চৰি ফুৰা সেই ভেঁকুলিটোৰ দৰেই হৈ পৰিছে৷ চিন্তা কৰাৰ শক্তি নাই, ভুল শুদ্ধ বিচাৰ কৰাৰ শক্তিও নাই৷
কাৰ্বি আংলঙত সংঘটিত এক কাণ্ডই প্ৰমাণ কৰি দিছে অসমীয়া আজি কিমান বৰ্বৰ হৈ পৰিছে৷ আধুনিকতাৰ পোছাক পিন্ধি এটা এলান্ধু বৰণীয়া মন লৈ একাংশ লোকে নিৰ্মম ভাৱে হত্যা কৰিলে দুজন অসমীয়াক৷ অভিযোগ, তেওঁলোক হেনো সোপাধৰা৷ গাঁৱত সোমাই চুৰি কৰিবলৈ আহিছে সৰু সৰু ল’ৰা ছোৱালীবোৰক৷ সেইবাবেই অসমীয়া নামৰ জাতি এটাৰে এচাম বৰ্বৰ লোকে ৰাতিৰ অন্ধকাৰ চিৰাচিৰ কৰি মৰিয়াই মাৰিলে একে জাতৰ যুৱক দুজনক৷
গোৱাত চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত অসমৰ যুৱক নিলোৎপলে নিজৰ মাতৃভূমিলৈ বহু দিনৰ মূৰত উভটি আহিছিল৷ নিজৰ মাটিৰ সুবাসক নেওচিব নোৱাৰি কৰ্ম ব্যস্ততাৰ মাজতো সময় উলিয়াই তেওঁ আহিছিল৷ তেওঁ এগৰাকী সুকণ্ঠী গায়কো৷ তদুপৰি পেঁপা, টোকাৰি, সুতুলি আদি থলুৱা বাদ্যৰ সৈতে তেওঁ অভ্যস্ত৷
প্ৰকৃত অসমীয়া বুলি নিজকে চিনাকি দিয়া নিলোৎপলৰ তেজে তেজে বিয়পি আছে অসমৰ মাটি-পানী-বতাহৰ সুগন্ধি৷ সেইবাবেই সময় পালেই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ তেওঁ বিচাৰি যায় নতুন নতুন গীতৰ আৱহ সংগীত৷ নিজৰাৰ কল কল ধ্বনিৰ মাজত তেওঁ অনুভৱ কৰে শ্বেহনাজৰ তানপুৰাতকৈও সুললিত সংগীতধ্বনি, বতাহে কোচত বান্ধি লৈ অনা শুকান পাতৰ খৰমৰণিত তেওঁ অনুভৱ কৰে পৃথিৱীৰ অসুখ৷
ব্যস্ততাৰ মাজতে পুনৰ অসমত খোজ দিয়েই নিলোৎপলে বন্ধু অভিজিৎ নাথৰ লগ হৈ পৰিকল্পনা কৰিলে কাৰ্বি আংলঙৰ বুকুত জীৱন বিচাৰি যোৱাৰ৷ আৰু পৰিকল্পনা মতেই সেয়া হ’ল৷ দুয়ো বন্ধুয়ে গুৱাহাটীৰ পৰা পালেগৈ প্ৰকৃতিৰ অপৰূপ মায়াৰে ভৰা কাৰ্বি পাহাৰৰ বুকু৷ মনোমোহা প্ৰকৃতিৰ শোভাই মাটিতেই সৰগ অঁকা কাৰ্বি আংলঙত নিলোৎপল আৰু অভিজিতে জীৱনৰ আন এক সংজ্ঞা বিচাৰি পালে৷
কাৰ্বি আংলঙৰ প্ৰকৃতি সুন্দৰ, কিন্তু সুন্দৰ যেন সুন্দৰ নহয় একাংশ লোক। যেন মানুহৰ নামত বৰ্বৰ এক শ্ৰেণীৰ বাসস্থানবে। কাৰ্বি আংলঙৰ ঠায়ে ঠায়ে সোপাধৰা নামৰ এক কাল্পনিক চৰিত্ৰৰ প্ৰভাৱে যেন আৰু বেছি বৰ্বৰ কৰি তুলিছিল একাংশ লোকক৷ তাৰ বাবেই একাংশ কাৰ্বি আংলঙবাসীৰ জিংঘাসাৰ বুলডজাৰে মহতিয়াই লৈ গ’ল নিলোৎপল আৰু অভিজিতৰ জীৱন৷
কাৰ্বি পাহাৰৰ বুকুত জীৱনৰ এটা সুখৰ দিন অতিবাহিত কৰি পাঞ্জুৰী গাঁও নিজ গৃহ গুৱাহাটীলৈ উভটিছিল নিলোৎপল আৰু অভিজিতে৷ কিন্তু পানজুৰিত একাংশ অসমীয়াই সোপাধৰা বুলি অভিযোগ উত্থাপন কৰি দুয়োকে আৱদ্ধ কৰে৷ নিলোৎপলৰ চুলি দীঘল৷ সেয়ে কাৰ্বি আংলঙৰ বৰ্বৰ অসমীয়াই ভাবি ল’লে যে নিলোৎপল সোপাধৰা৷
নিলোৎপল আৰু অভিজিতৰ ওপৰত সোপাধাৰৰ আখ্যানেৰে আৰম্ভ হ’ল বৰ্বৰ অত্যাচাৰ৷ পথৰ মাজত আবদ্ধ কৰি দুই বন্ধুক একাংশ উত্তেজিত নৰপিশাচে নিৰ্মম ভাৱে প্ৰহাৰ কৰিলে৷ নিলোৎপলে নিজকে অসমীয়া বুলি পৰিচয় দি চিঞৰি থাকিল ‘আমি অসমীয়া, আমি গুৱাহাটীৰে ল’ৰা’৷ তথাপি নৰ’ল নিৰ্মম হাতৰ প্ৰহাৰ৷ আৰু এটা সময়তে এনেদৰেই বৰ্বৰতাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’লে নিলোৎপল আৰু অভিজিত নামৰ কাৰ্বি আংলঙৰ সেউজ পৰিৱেশত জীৱনৰ কিছু সুখৰ মূহুৰ্ত কটাবলৈ যোৱা দুই বন্ধুৱে৷
এতিয়া অন্য জাতিয়ে অসমীয়াক বৰ্বৰ জাতিৰ লোক বুলিয়েই অভিহিত কৰিব৷ অন্ধবিশ্বাস আৰু অশিক্ষিতৰ কৱলত পৰি দুজন যুৱক এনেদৰে নিৰ্মমতাৰ বলি হোৱা কাণ্ডই এতিয়া সমগ্ৰ অসমীয়া জাতিকে আনৰ চকুত হেয় প্ৰতিপন্ন কৰিছে৷ আনহাতে এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি শোকৰ বন্যা বোৱাইছে৷ এজন প্ৰতিভাৱান লোক শিল্পী আৰু তেওঁৰ বন্ধুক এখন সমাজৰ ৰাইজে এনেদৰে হত্যা কৰা ঘটনাক সমগ্ৰ ৰাজ্যবাসীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়া পৰিলক্ষিত হৈছে৷
লগতে যুৱক দুজনক প্ৰহাৰ কৰা সময়ৰ ভাইৰেল হোৱা ভিডিঅ’ৰ যোগে দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰা হৈছে৷