
newsnextone.com | বোকাজানঃ সোপাধৰাৰ সন্দেহত বৰ্বৰ ভাবে হত্যা কৰা নিলোৎপল দাস আৰু অভিজিত নাথৰ আত্মাৰ সদ্গতি কামনা কৰি মম জ্বলাই সদৌ অসম ছাত্ৰ সন্থাই৷ কাৰ্বি আংলঙৰ বোকাজানত শনিবাৰে মম জ্বলাই সদৌ অসম ছাত্ৰ সন্থাৰ বোকাজান আঞ্চলিক সমিতিয়ে৷ ছাত্ৰ সন্থাৰ শতাধিক নেতা-কৰ্মীয়ে পাঞ্জুৰী কাণ্ডত নিহত যুৱক দুজনৰ স্মৃতিত বোকাজান চহৰত মম জ্বলাই৷
শুকুৰবাৰে নিশা কাৰ্বি আংলঙৰ পাঞ্জুৰী গাঁৱত একাংশ স্থানীয় লোকৰ হাতত নিহত হয় গুৱাহাটীৰ বাসিন্দা নিলোৎপল দাস আৰু অভিজিত নাথ৷ যোৱা কিছুদিন ধৰি অসমৰ ছচিয়েল মিডিয়াত সোপাধৰাৰ সন্দৰ্ভত ব্যাপক প্ৰচাৰ হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা জিঘাংসাৰ বলি হয় গুৱাহাটী মহানগৰীৰ দুই যুৱকে৷ সন্ধিয়া প্ৰায় ৬ বজাত কাৰ্বি পাহাৰৰ ডকমকাৰ কাণ্ঠিলাংৰ পাঞ্জুৰীত উপস্থিত হৈছিল দুই যুৱক৷ তাৰ পিছতে একাংশ লোকে ঘৰৰ পৰা ওলাই আহে৷ ক্ৰমান্বয়ে বহু মানুহৰ সমাগম ঘটে৷ একাংশ লোকে প্ৰথমে সোপাধৰা বুলি কৈ মাৰ ধৰ কৰাৰ ফলত মৃত্যু হয় দুই যুৱকৰ৷