‘ঈৰদা’ত গোৰেশ্বৰৰ মুক-বধিৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ, পৰিয়ালৰ হত্যাৰ অভিযোগ

newsnextone.com | গোৰেশ্বৰঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ লংকেশ্বৰস্থিত দিব্যাংগৰ অনুষ্ঠান ঈৰদা চৌহদত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মুকবধিৰ যুৱতীৰ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি পৰিয়ালে অভিযোগ উত্থাপন হৈছে। লংকেশ্বৰস্থিত দিবাংগ অনুষ্ঠান ঈৰদাত সংঘটিত হোৱা এই ঘটনাই জোকাৰিছে ৰাজ্য। বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত মহৰিপাৰাৰ টেঙাঝাৰ গাঁৱৰ বলিন কলিতাৰ ২২ বছৰীয়া কন্যা লুনা কলিতাই ৰান্ধনি হিচাপে বিগত দুটা বছৰে কৰ্মৰত আছি ঈৰদাত। যোৱা ৭ জুনত পৰিয়ালৰ লোকক সন্ধিয়া ৬ মান বজাত ঈৰদাৰ পৰা কোনো লোকে ফোন কৰি জনাই যে লুনাই ঈৰদাৰ হোষ্টেলত চিপ লৈ আত্মহত্যা কৰিছে। 

এই খবৰ পোৱাৰ পিছতে পিতৃয়ে ঈৰদাৰ সঞ্চালক ৰমনী বৰ্মনলৈ ফোন কৰোতে তেওঁ একে কথাকে কয়। ইয়াৰ পিছত পিতৃয়ে লংকেশ্বৰলৈ ততাতৈয়াকৈ গাড়ীৰে আহে। কিন্তু পিতৃয়ে গৈ পোৱাৰ পূৰ্বেই লুনাৰ দেহ নমাই গাড়ীত উঠোৱাৰ ব্যৱস্থা কৰি থকা হৈছিল। নিজ কন্যাৰ এই অৱস্থা দেখি শোকত ভাগি পৰা পিতৃয়ে কন্যাৰ বাহু আৰু ভৰিত প্ৰত্যক্ষ কৰিছিল তেজ। প্ৰশ্ন হৈছে পৰিয়ালৰ লোক গৈ নৌপাওঁতেই কিয় মৃতদেহ নমাই নিয়া হৈছিল? পৰিয়ালৰ লোকে অভিযোগ মতে লুনাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ বিচৰা হৈছে। 

উল্লেখ্য যে, যোৱা মাহত নিজ ঘৰলৈ আহি যোৱা যুৱতীগৰাকীয়ে ঈৰদাৰ কোনো লোকে তাইক দীৰ্ঘদিন ধৰি ‘ডিষ্টাৰ্ব’ কৰি আছিল বুলি ইংগিত দিছিল। কিন্তু জীৱন আৰু জীবিকা চলাবলৈ লুনা যেন বাধ্য আছিল। প্ৰাপ্ত তথ্য মতে যোৱা দুটা বছৰে লুনা থকা আৰু খোৱাৰ সুবিধা লাভ কৰিছিল যদিও কোনো পাৰিশ্ৰমিক আজিলৈ লাভ কৰা নাছিল। সঞ্চালকে বাৰে-বাৰে তাইক কৈছিল যে তাই পাৰিশ্ৰমিক সমূহ একেলগে পাব। কাহিলীপাৰাৰ মুকবধিৰ বিদ্যালয়ত অধ্যয়ন কৰা লুনাই কৰ্মসংস্থাপন লাভ কৰাৰ স্বাৰ্থতে ঈৰদাৰ হোষ্টেলত ৰান্ধনি হিচাপ নিয়াগ হৈছিল ২ বছৰ পূৰ্বে৷

ইপিনে এই ঘটনা সম্পৰ্কত পিতৃয়ে সঞ্চালক ৰমনী বৰ্মনক সোধাত তেওঁক কেৱল একো নাজানো বুলিহে কৈছিল। পৰিয়ালৰ লোকৰ অভিযোগ মতে, ইমানখিনি ঘটাৰ পিছতো সঞ্চালকগৰাকীৰ সহাঁৰি একেবাৰে শূন্য আছিল। লুনাৰ মৃত্যু স্বাভাবিক নহয় বুলি কৈ এই ঘটনাত ষড়যন্ত্ৰ লুকাই থকা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে। নিশা লুনাৰ মৃতদেহ নিজ গৃহলৈ অনা হয় অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ কেইবাটাও দল-সংগঠনে লুনাৰ বাসগৃহলৈ গৈ খবৰ লোৱাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দোষীক শাস্তি বিহিবলৈ দাবী জনায়। 

কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ উপ-সভাপতি সমৰ ডেকা, গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি শংকৰ ৰাজবংশী আৰু গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ বাক্সা জিলা সমিতিৰ সভাপতি জলালুদ্দিন আহমেদ আৰু পূব ডেফেলী আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি অপূৰ্বজ্যোতি বৈশ্য আৰু সম্পাদক গগণ বেজবৰুৱাই এই ঘটনাৰ এক উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনায়। মুকবধিৰ যুৱতী গৰাকীৰ মৃত্যুত মহৰিপাৰা-গোৰেশ্বৰ অঞ্চলত শোকৰ ছাঁ পৰে।