
newsnextone.com | ওদালগুৰিঃ বিটিচিৰ শিক্ষা বিভাগৰ উদ্যোগত শুকুৰবাৰে ওদালগুৰিৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ শিক্ষাৰ্থীৰ মাজত স্কুটি আৰু বিত্তীয় সাহায্য বিতৰণ কৰে। শনিবাৰে ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক আৰ এছ বৰগয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৩৩গৰাকী ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কৰা হয়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ কৰা ওদালগুৰিৰ ধৃতিষ্মান ভূঞাঁ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত ওদালগুৰি জিলাৰ পৰা ক্ৰমে পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা মোহন প্ৰধান আৰু বিধি বেৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰতিগৰাকী স্থান প্ৰাপ্তক ২লাখ টকাৰ চেক বিতৰণ কৰে। ইফালে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ ৩৪ গৰাকী ডিষ্ট্ৰীংচন নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীক ১ হাজাৰ টকাকৈ আৰু ১৫২ ষ্টাৰমাৰ্কপ্ৰাপ্ত শিক্ষাৰ্থীক ১০ হাজাৰ টকাকৈ বিতৰণ কৰে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে পূৰ্বৰ তুলনাত ওদালগুৰি জিলাৰ ফলাফল নিম্নগামী হোৱাতো অতিশয় দুৰ্ভাগ্যজনক। কিন্তু শীৰ্ষ দহৰ ভিতৰত স্থানপ্ৰাপ্তৰ সংখ্যা বৃদ্ধি হোৱাটো শুভ লক্ষণ। শিক্ষাৰ্থীসকলে যথেষ্ট পৰিমাণে কষ্ট কৰিব লাগিব। তেতিয়াহে তেওঁলোকে সফল লক্ষ্যত উপস্থিত হবলৈ সক্ষম হ’ব। পঢ়াৰ সময়ত মোৱাইল ফোনৰ সঘনাই ব্যৱহাৰে তথা ছচিয়েল মিডিয়াৰ ব্যৱহাৰে পঢ়াত ব্যাঘাত জন্মাব পাৰে। আনহাতে শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাবলৈও আহ্বান জনায় দৈমাৰীয়ে। সভাত ওদালগুৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰী, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি তথা শিক্ষাৰ্থী উপস্থিত আছিল।