ৰাজ্যজুৰি মম জ্বলাই নিলোৎপল-অভিজিৎ হত্যাৰ প্ৰতিবাদ, দোষীক ফাঁচী দিয়াৰ দাবী

newsnextone.com | মঙলদৈ/দুলীয়াজান/গৌৰিসাগৰ/চিচিবৰগাঁও/তেজপুৰ/বোকাজানঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত ছচিয়েল মিডিয়াত সোপাধৰাৰ উৰা বাতৰি প্ৰচাৰ কৰাৰ পিছতেই একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে দল-সংগঠনে ঘটনাক গৰিহণা দিয়ে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে৷
ত ৰাইজে পিৰতিবাদ সাব্যস্ত কৰে৷ মঙলদৈৰ ধূলা, পানবাৰী, বৰিগাঁও, বেচিমাৰি, ছিপাঝাৰত ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলদৈৰ ৰাইজে ঘটনাক গৰিহণা দি দোষীক ফাঁচী দিয়াৰ দাবী জনায়৷ হাতে হাতে মম জ্বলাই দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰে৷ 

NNO দুলীয়াজানঃ দুলীয়াজানৰ যুৱক-যুৱতীসকলে টিপলিং বৰুৱা তিনিআলিৰ সমাজকৰ্মী সিৰ্দ্ধাথ বৰাৰ নেতৃত্বত অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ আত্মাৰ সদ্গতি কামনা কৰি মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি যুৱক-যুৱতীসকলে বিভিন্ন শ্ল’গান দিয়ে৷ 

NNO গৌৰিসাগৰঃ দুই যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰি শিৱসাগৰ শিৱদৌল প্রাংগনত দুই শতাধিক যুৱক-যুৱতীয়ে মম জ্বলাই ভগৱানৰ ওচৰত প্রাৰ্থনা জনায়৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ দাবী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰশাসনক৷ শিৱসাগৰ বিজেপিৰ সভাপতি ভৱেন্দ্রনাথ মোহনে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ঘটনাক গৰিহণা দিয়ে৷ 

NNO চিচিবৰগাঁওঃ অসমৰ দুজন প্ৰতিভাৱান শিল্পি নিলোৎপল দাস আৰু অভিজিৎ নাথক কাৰ্বি আংলং জিলাৰ ডকমকাত সোপাধৰাৰ সন্দেহত অমানবীয় অত্যাচাৰ কৰি হত্যা কৰা ঘটনাক তীব্ৰ ভাৱে গৰিহণা দিয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে। জিলা সমিতিৰ সভাপতি প্ৰিয়াংকু প্ৰতীম চুতীয়া, ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সভাপতি সাধাৰণ সম্পাদক ভুপেন দিহিঙীয়া আৰু দেৱজিত চুতীয়াই ঘটনাৰ সৈতে জড়িত লোকৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ দাবী জনায়৷ দোষীক ফাঁচী দিয়াৰো দাবী জনায়। দুয়ো যুৱকৰ আত্মাৰ সদগতিৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে সমগ্ৰ জিলাখনৰ লগতে ধেমাজি নগৰতো সদৰ আঞ্চলিক সমিতিৰ সহযোগত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

NNO তেজপুৰঃ শোণিতপুৰৰ জিলাৰ বালিপৰা-চাৰিদুৱাৰ নিলোৎপল নাথ অাৰু অভিজিৎ দাসৰ হত্যাৰ প্ৰতিবাদত মম জ্বলায় বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে মম জ্বলাই কেইবাশতাধিক লোকে মৌন সমদল উলিয়াই। দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় বালিপৰা চাৰিদুৱাৰৰ দল-সংগঠনে।

NNO বোকাজানঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰজাপথাৰ আঞ্চলিক সমিতিয়ে ৰজাপথাৰ অঞ্চলৰ সচেতন নাগৰিক সমাজৰ সহযোগত অভিজিত নাথ আৰু নিলোৎপল দাসৰ আত্মাৰ সদগতিৰ বাবে ৰজাপথাৰ বজাৰ তিনি আলিত মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, ইতিমধ্যে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত উত্তেজনা বিয়পাব খোজা লোকৰ খবৰ দিবলৈ ৰাইজৰ বাবে বিশেষ ফোন নম্বৰ প্ৰকাশ কৰিছে৷ ০৩৬১-২৫২১২৪২, ৯৪৩৫২১৫০২৯, ০৩৬১-২৩৮১১১, ০৩৬১-২৩৮০৬২০ আৰু হোৱাটছএপ ৮৭৪৯৮-৬০৮০৩ নম্বৰ ৰাজহুৱা কৰে৷ ইয়াৰ লগে লগে দেওবাৰে দিনটোত ছচিয়েল মিডিয়াত উত্তেজনামূলক আপডেট দিয়া ৫গৰাকী লোকক আটক কৰে আৰক্ষীয়ে৷ চছিয়েল মিডিয়াত উত্তেজিত পোষ্ট দিয়া ৫ যুৱকক দেওবাৰে দিনটোত আটক কৰে৷ দৰং, ডিব্ৰুগড়, গুৱাহাটী মহানগৰ, নগাঁও জিলাৰ ৫জনকৈ যুৱকক আটক কৰে৷