
newsnextone.com | খেৰণিঃ কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত কাংঠিলাংছত প্রকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ যোৱা দুই শিল্পী যুৱকক সোপাধৰাৰ সন্দেহত নিৰ্মম ভাৱে হত্যা কৰা ঘটনাক লৈ পশ্চিম কাৰ্বি আংলঙৰ প্রান্তে প্রান্তে তীব্ৰ প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। পশ্চিম কাৰ্বি আংলঙৰ সদৰ ঠাই হামৰেণ, ডংকামোকাম, বৈঠলাংছ, খেৰণি আদিত বিভিন্ন দল-সংগঠনৰ সহযোগত স্থানীয় ৰাইজে শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ সজাগতা অভিযান চলোৱাৰ লগতে দুৰ্ভগীয়া যুৱকৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰ্থে মৌন প্ৰাৰ্থনা কৰে।
খেৰণিতো কাৰ্বি ছাত্ৰ সংগঠন (ইংলং ফ), কাৰ্বি লামেট আমেই, কাৰ্বি কালচাৰেল ছ’চাইটি আদি জাতীয় সংগঠনসমূহে এক সংবাদ মেল আয়োজন কৰি মৰ্মান্তিক ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুস্কৃতিকাৰীক আইনগত ভাৱে কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায়। লগতে ইয়াক সম্প্ৰদায়িক ৰূপ দি ছচিয়েল মাধ্যমত বিতৰ্কিত মন্তব্য নকৰিবলৈ আহ্বান জনায়।
পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ছাৰ্থে ক্ৰামছায়েও ঘটনা সন্দৰ্ভত কঠোৰ ভাষাৰে গৰিহণা দিয়ে। কোনো হত্যাকাৰীয়ে যাতে হাত সাৰি যাব নোৱাৰে তাৰ বাবে সকলোৱে প্ৰশাসনক হেঁচা দিব লাগে বুলি তেওঁ আহ্বান জনায়৷ লগতে একাংশ তথাকথিত বুদ্ধিজীৱিয়ে সংবাদ মাধ্যম যোগে ঘটনাটোক সাম্প্ৰদায়িক ৰং দিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে।
দুস্কৃতিকাৰী বা অপৰাধীৰ কোনো জাতি নাথাকে, গতিকে শান্তি কিদৰে বৰ্তাই ৰাখিব পাৰি সেইটোৰ ওপৰত ভাবিহে মন্তব্য দিব লাগে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীয়ে। ইফালে, কাৰ্বি ছাত্ৰ সংস্থা হামৰেন জিলা সমিতিৰ উদ্যোগত খেৰণিত হাতে হাতে মমবাতি লৈ এক মৌন সমদল বাহিৰ কৰা হয়। ছাত্ৰ নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিৰীহ যুৱক নিলোৎপল আৰু অভিজিতক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংস ভাৱে হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়ে।
তেনেকুৱা ঘটনা যেন অসমত আৰু কোনো ঠাইত নঘটে তাৰ বাবে সকলো শ্ৰেণীৰ লোকক সচেতন হ’বলৈও আহ্বান জনায় বিভিন্ন দল সংগঠনে। ঘটনা সংঘটিত কৰা দুস্কৃতিকাৰী সকলক বিচাৰি আইনগত শাস্তি বিহিবলৈ দাবী কৰে।
আনহাতে, অসম সাহিত্য সভা পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়েও খেৰণিত অৱস্থিত শাখা সাহিত্য সভা কাৰ্যলয়ত শোক সভা আয়োজন কৰে৷ জিলা সমিতিৰ সভাপতি নিত্যানন্দ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত শোক সভাত সমগ্ৰ ঘটনা ন্যায়িক তদন্ত চলাই হত্যা কৰা সকলক কৰায়ত কৰি আইনী শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।