
ডিজিটেল ডেস্কঃ বিজেপিৰ পিতামহ, জ্যেষ্ঠ নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সোমবাৰে এইমছত ভৰ্তি কৰা হয়৷ ৰুটিন চে’কআপৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি কয় বিজেপিয়ে৷
৯৩ বছৰীয়া বাজপেয়ীক পৰীক্ষা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে এইমছৰ মুৰব্বী ৰণদ্বীপ গুলেৰীয়ে৷ বিজেপিৰ মতে, ৰুটিন পৰীক্ষা-নিৰীক্ষাৰ বাবে ভৰ্তি কৰা হৈছে তেওঁলোকৰ নেতাক৷
২০০৯ চনৰ পৰা লোকচক্ষুৰ পৰা আতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী৷ দিল্লীৰ আবাসৰ পৰা বাহিৰত উলিওৱা হোৱা নাই৷ উলিওৱা হৈছে যদিও কোনো ধৰণৰ খবৰ প্ৰকাশ হ’ব দিয়া নাই৷