
newsnextone.com | গৰৈমাৰিঃ কাৰ্বি আংলঙৰ ডকামকা কাণ্ডৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ থকাৰ সময়তে ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণ বিফল বুলি অভিযোগ উত্থাপন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে৷
সোমবাৰে ছয়গাঁৱৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে এই কাণ্ডক গৰিহণা দি ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে বিফল বুলি বিজেপি চৰকাৰক আক্ৰমণ কৰে৷ সকলোকে শান্তি শৃংখলা অটুট ৰাখিবলৈও আহ্বান জনায় আহমেদে৷ দক্ষিণ কামৰূপৰ গৰৈমাৰী আল আমিন ইছলামিক মডেল স্কুলত সম্বৰ্ধনা সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এই মন্তব্য আগবঢ়ায়৷