
newsnextone.com | মঙলদৈঃ ছচিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন গৈছে৷ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিছে৷
বিশেষকৈ দৰং জিলা আৰক্ষীয়ে বিশেষ নজৰ দি ইতিমধ্যে তিনিজনকৈ যুৱকক আটক কৰিছে৷ দৰং জিলা আৰক্ষী অধীক্ষক শ্ৰী জিৎ ট্ৰীয়ে জানিবলৈ দিয়া মতে, জিলা খনৰ একাংশ যুৱকৰ ওপৰত নজৰ ৰখা হৈছে৷ দেওবাৰে ছিপাঝাৰ থানাৰ অন্তৰ্গত কেন্দুগুৰি গাঁৱৰ শুভজিৎ শৰ্মা ওৰফে শুভ্ৰজিৎ কাশ্যপ আৰু মঙলদৈৰ বলোপৰাৰ মহেশ্বৰ দাসৰ পুত্ৰ প্ৰদীপ দাসক আটক কৰা হৈছে৷ দুয়োজনে পৰিবেশ দূষিত কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে৷ শিশু অপহৰণৰ ভুৱা খবৰ ফেচবুকত আপলোড কৰাৰ লগতে হোৱাটছএপ গ্ৰুপত উত্তজনামূলক মন্তব্য প্ৰকাশ কৰিছিল৷
তাৰ লগতে সোমবাৰে দৰং আৰক্ষীৰ জালত পৰে কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআইৰ প্ৰাক্তন নেতা৷ চছিয়েল মিডিয়াত উত্তেজিত পোষ্ট দিছিল মঙলদৈৰ যুৱক তথা প্ৰাক্তন NSUIৰ নেতা অঞ্জন ডেকাই৷ মঙলদৈৰ ভেবাৰঘাটৰ বাসিন্দা অঞ্জন ডেকাই চছিয়েল মিডিয়াত উত্তজনামূলক আপডেট দি নিৰ্দিষ্ট জনগোষ্ঠীৰ বিৰুদ্ধে মন্তব্য ৰাখিছিল৷ যাৰ ফলত আৰক্ষীৰ জালত পৰে তেওঁ৷ সকলো ছচিয়েল মিডিয়া নিৰীক্ষণ কৰি থকা বুলি কয় দৰং জিলা আৰক্ষীয়ে৷
আনহাতে বৰপেটা আৰক্ষীয়ে ফেচবুকত গৰম পোষ্ট দিয়া সকলৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান৷ বৰপেটা আৰক্ষীয়ে এগৰাকী লোকৰ খবৰৰ ভিত্তিত হাউলীৰ পৰা এন যুৱকক আটক কৰে৷ ডকমকা কাণ্ডক লৈ উত্তেজিত পোষ্ট দিছিল বুল বুল নামৰ যুৱকজনে৷ ফলত বৰপেটা আৰক্ষীয়ে বুলবুলক আটক কৰে৷
ইতিমধ্যে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত উত্তেজনা বিয়পাব খোজা লোকৰ খবৰ দিবলৈ ৰাইজৰ বাবে বিশেষ ফোন নম্বৰ প্ৰকাশ কৰে৷ ০৩৬১-২৫২১২৪২, ৯৪৩৫২১৫০২৯, ০৩৬১-২৩৮১১১, ০৩৬১-২৩৮০৬২০ আৰু হোৱাটছএপ ৮৭৪৯৮-৬০৮০৩ নম্বৰ ৰাজহুৱা কৰে৷ ইয়াৰ লগে লগে দেওবাৰে দিনটোত ছচিয়েল মিডিয়াত উত্তেজনামূলক আপডেট দিয়া ৭গৰাকী লোকক আটক কৰে আৰক্ষীয়ে৷