
newsnextone.com | কাজিৰঙাঃ ছচিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন গৈছে৷ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷
তাৰ মাজতে, বোকাখাত মহকুমা প্ৰশাসন আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই সোমবাৰে কাজিৰঙা বনবিভাগৰ সভাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা সোপাধৰাৰ উৰা বাতৰিৰ লগতে কাৰ্বি আংলঙৰ ঘটনাই যাতে কাৰ্বি আংলং জিলাৰ সীমাৰ বোকাখাত মহকুমাত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবেই বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়৷ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সভাপতি স্বপন নাথে।
বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ লগতে আটাছু, কহঁৰা বজাৰ সমিতি, কাজিৰঙা জীপ ছাফাৰি সংস্থা, আটছাৰ প্ৰতিনিধি, স্থানীয় বয়োজ্যেষ্ঠ নাগৰিক তথা কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰতিনিধি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে দুগৰাকী প্ৰতিভাৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।
বৈঠকত উপস্থিত থকা বিভিন্ন দল-সংগঠনে শান্তি সম্প্ৰতি বজাই ৰাখিবৰ বাবে আৰু প্ৰচাৰিত উৰা বাতৰি ৰোধ কৰাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ সীমান্তত থকা বজাৰ বোৰত আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰা, গাঁওৰক্ষী বাহিনীক সক্ৰিয় কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চল সমূহত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ বাবে আৰু সোপাধৰা বা তেনেধৰণৰ অপপ্ৰচাৰ ৰোধ কৰাৰ বাবে প্ৰধানকৈ চাহ বাগিচাবোৰত সজাগতা সভা পতাৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে৷
ইফালে অনা অসমীয়া ব্যৱসায়ীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক অৱগত কৰে৷ আনহাতে সোপাধৰা বা তেনেধৰণৰ উৰা বাতৰি বা শান্তি-সম্প্ৰীতি বিঘ্নিত হ’ব পৰা যিকোনো পোষ্ট ফেচবুক বা হোৱাটছএপত নিদিবৰ বাবে বৈঠকত মহকুমাধিপতি বিবেক শ্যামে সকলোকে আহ্বান জনায়৷ সভাত সমগ্ৰ ঘটনাক নিন্দা কৰাৰ লগতে কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল মহন্তৰ দায়সৰা তথা দায়িত্বজ্ঞানহীন মন্তব্যৰ বাবে গৰিহণা দিয়ে।