
newsnextone.com | হোজাইঃ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে৷
উৰা বাতৰিৰ বিৰুদ্ধে আৰু এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে অপপ্ৰচাৰ হৈ অহাত সোমবাৰে হোজাই জিলাত প্ৰশাসনে এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷
একাংশ লোকে সংখ্যালঘূ প্ৰধান এলেকাত উৰাবাতৰি বিয়পাই আতংকৰ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন হৈ অহাত হোজাই জিলাৰ ডবকাত হোজাই জিলা প্ৰশাসনে নাগৰিক সভা অনুষ্ঠিত কৰে৷
ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাত অভিভাৱক, সচেতন নাগৰিক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ ডবকাৰ ৰাজহ চক্ৰ বিষয়া অনুশূয়া শৰ্মাই আত ধৰা সভাত হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, অতিৰিক্ত উপায়ুক্ত অৰূপ পাঠক, হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন, উপ-আৰক্ষী অধীক্ষক ভনিতা নাথ, বিন্নাকান্দিৰ খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আৰু পশু চিকিৎসক ভাৰত ভূষন বৰা উপস্থিত থাকে৷
উপায়ুক্তই যি সকল ভাৰতীয় লোকৰ বৰ্তমানলৈকে নথি পত্ৰৰ পৰীক্ষা, বংশবৃক্ষৰ পৰীক্ষণৰ কাম সমাপ্ত হৈ গৈছে তেওঁলোকৰ নাম এন আৰ চি খচৰাত প্ৰকাশ পাব বুলি কয়৷ কিবা কাৰণত যদি কোনো লোকৰ নাম বাদ পৰে তেনেহলে শংকিত নহবলৈ আহবান জনাই খচৰা প্ৰকাশ পোৱাৰ পাছতো আপত্তি দৰ্শাবৰ বাবে সাধাৰণ লোকৰ হাতত অতিৰিক্ত ১ মাহ সময় থাকিব বুলি কয় উপায়ুক্তগৰাকীয়ে৷
উক্ত সময়ৰ ভিতৰত পুনৰ আবেদন কৰি নিজৰ নিজৰ নাম সোমাব পাৰিব বুলি কৈ মুঠৰ উপৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈকে আহা লোক সকল বৈধ নথি দেখুৱাই এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি কয়৷ ৰাইজৰ শংকিত হবলৈ কোনো কাৰণ নাই বুলি তেওঁ৷ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এনআৰচি সন্দৰ্ভত একাংশ লোকে ভুৱা বাৰ্তা ছচিয়েল মেডিয়া যোগে প্ৰচাৰ কৰিব পাৰে৷ এনে ভুৱা প্ৰচাৰত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায়৷
একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে সোপাধৰাৰ উৰাবাতৰি প্ৰচাৰ কৰিব পাৰে বুলি চিন্তা ব্যক্ত কৰিলেও ভোল নাযাবলৈ আৰু তাৰ প্ৰতি ৰাইজক সজাগ হ’ব বাবে আহ্বা জনায়৷ ছ’চিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে হোজাই আৰক্ষী প্ৰশাসন কঠোৰ হ’ব কয়৷ হোজাই জিলা আৰক্ষী প্ৰশাসনে ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি কয়৷ ছ’চিয়েল মিডিয়াত কোনো আপত্তিজনক পোষ্ট দেখিলে আৰক্ষীক খবৰ দিবলৈ ৰাইজক আহ্বান জনায়৷