ফেচবুকত উচতনিমূলক মন্তব্য, আটক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকী আঞ্চলিকৰ সভাপতি

newsnextone.com | লংকাঃ ছ’চিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে৷

কাৰ্বি আংলঙৰ ডকমকাত ছ’চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে অসম আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিছে৷

অসম আৰক্ষী-প্ৰশাসনে ছ’চিয়েল মিডিয়াত উচতনিমূলক মন্তব্য আৰু পোষ্ট প্ৰদান কৰা কেইবাগৰাকীও যুৱকক ইতিমধ্যে আটক কৰিছে৷ সোমবাৰে পুনৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰৰিষদৰ কাকী আঞ্চলিকৰ সভাপতি পদত অধিষ্ঠিত যুৱকজনে ছ’চিয়েল মাধ্যমত ডকমকা কাণ্ডক লৈ উচতনিমূলক মন্তব্য দি আহিছিল৷ 

লংকাৰ কাকীৰ শংকৰপুৰ নিৱাসী হিৰণ্য বৰা নামৰ যুৱকজনে ফেচবুকত উচতনিমূলক মন্তব্য কৰি অহাৰ বিষয়ে আৰক্ষীয়ে জানিব পৰাত সমাজত কু-প্ৰভাৱ বিয়পোৱাৰ অভিযোগত যুৱকজনক সোমবাৰে নিশা অভিযান চলাই আটক কৰে৷ লংকা আৰক্ষীয়ে ধৃত যুৱকজনক নিজৰ জিন্মাত ৰাখি সোধপোছ চলাই আছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, ডকমকাত দুগৰাকী নিৰীহ যুৱকৰ হত্যাৰ আঁৰত ছ’চিয়েল মাধ্যমত প্ৰচাৰিত কিছুমান ভুৱা বাতৰি আছিল বুলি বিভিন্নজনে মন্তব্য কৰিছে৷