
newsnextone.com | গুৱাহাটীঃ দেশৰ প্ৰতিষ্ঠিত ব্যৱসায়, অভিনেতা-অভিনেত্ৰী আৰু ৰাজনৈতিক নেতাই ফোন যোগে মৃত্যুৰ ভাবুকি লাভ কৰাৰ বিষয়ে প্ৰায়ে শুনা যায়৷ মৃত্যুৰ ভাবুকিয়ে এজন সামাজিক লোকৰ জীৱনলৈ ভয় কঢ়িয়াই আনে৷ ভাবুকি লাভ কৰাৰ পিছত সামাজিক অনুষ্ঠানসমূহত তেওঁ পূৰ্বৰ দৰে অংশ ল’ব নোৱাৰা হয়, যাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰভাৱ পৰে৷
পূৰ্বে ৰাজ্যৰ কেইবাগৰাকীও নেতা-মন্ত্ৰী, বিধায়কে ফোন যোগে মৃত্যুৰ ভাবুকি লাভ কৰিছে৷ প্ৰাক্তম মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও পূৰ্বে মৃত্যুৰ ভাবুকি লাভ কৰা বুলি দাবী কৰি আহিছে৷ শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী বিজেপি বিধায়কে পত্ৰযোগে মৃত্যুৰ ভাবুকি লাভ কৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
সোণাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰে মঙলবাৰে এখন ডাক যোগে অহা পত্ৰৰ দ্বাৰা তেওঁৰ মৃত্যুৰ ভাবুকি প্ৰদান কৰা বুলি দাবী কৰিছে৷ আনহাতে পত্ৰখনৰ লগত দুটা সজীৱ গুলীও প্ৰেৰণ কৰা হৈছে৷
‘চেভ চিকিউৰ এণ্ড ডেভলপমেন্ট প্ৰটেকছন ফ’ৰ্চ অৱ মুছলিম’ নামৰ এটা অখ্যাত সংগঠনৰ নাম যোগে অহা ভাবুকি পত্ৰখনত বিধায়কগৰাকীক শীঘ্ৰে বিজেপি দল ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ তদুপৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধায়কখনৰো বিৰোধিতা কৰিবলৈ ভাবুকি দিয়া হৈছে৷ অন্যথা বিজেপি বিধায়কগৰাকীক গুলীয়াই হত্যা কৰিব বুলিও পত্ৰখনত লিখা আছে৷
ভাবুকি পত্ৰখন লাভ কৰাৰ পিছতে বিধায়কগৰাকীয়ে শিলচৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ আমিনুল হক লস্কৰ নামৰ সোণাই সমষ্টিৰ বিজেপি বিধায়কগৰাকীয়ে পত্ৰ লাভ কৰি ভিতীগ্ৰস্থ হৈ পৰাত উপযুক্ত নিৰপত্তা প্ৰদানৰ বাবেও আহ্বান জনায়৷