কাকীত ডকমকা কাণ্ডৰ বিৰুদ্ধে ১২ ঘন্টীয়া বন্ধ, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

newsnextone.com | লংকাঃ কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত দুগৰাকী অসমীয়া প্ৰতিভাৱান যুৱকক নিৰ্মম ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্য জুৰি ক্ষোভৰ জুই উদগীৰণ কৰিছে৷ সকলোৱে এই নিৰ্মম কাণ্ডক গৰিহণা দি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে ঠায়ে ঠায়ে এচাম নৰপিশাচৰ হাতত জীৱন হেৰুওৱা নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱক দুগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে৷ 

মানুহৰ মনত ডকমকা কাণ্ডত জড়িত দুস্কৃতিকাৰীসকলৰ বিৰুদ্ধে ক্ষোভৰ জুইকুৰা দাউদাউকৈ জ্বলি উঠা সময়তে হোজাই জিলাৰ লংকাতো ডকমকা কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷

মঙলবাৰে লংকাৰ কাকী অঞ্চলবাসীয়ে ঘটনাত জড়িত অভিযুক্তসকলক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবীত ১২ ঘন্টীয়া বন্ধ পালন কৰি দোকান-পোহাৰ বন্ধ ৰাখে৷ স্থানীয় ৰাইজে ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই চৰকাৰ আৰু প্ৰশাসনৰ নিস্কৰ্মতাৰো বিৰোধিতা কৰে৷ 

প্ৰতিবাদকাৰী ৰাইজে অসম চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, অভিযুক্তক আটক কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদত কাকী অঞ্চলৰ শতাধিক স্থানীয় ৰাইজৰ লগতে কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈ অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ ন্যায় বিচাৰে৷