ডকমকা কাণ্ড, কোকৰাঝাৰত মৌন সমদল, সংযম ৰক্ষা কৰাৰ আহ্বান

newsnextone.com | কোকৰাঝাৰঃ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, আক্ৰাছু আৰু স্মাইল ৱেলফেয়াৰ ছছাইটিয়ে সন্ধিয়া ৭ বাজি ৩০ মিনিটত কোকৰাঝাৰত মম জ্বলাই মৌন সমদল উলিয়াই৷

কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ ভূটীয়াপাৰা শিৱশক্তি ভৱনৰ পৰা উলিওৱা সমদল বালাজান তিনালী এলেকা পৰিভ্ৰমণ কৰি বালাজান তিনালীত মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

অনুষ্ঠানত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ, আক্ৰাছুৰ জিলা সমিতিৰ বিষয়-ববীয়া মৃদুল কুমাৰ ৰায়, সঞ্জিত ৰায়, স্মাইল ৱেলফেয়াৰৰ বিষয়-ববীয়াৰ লগতে শতাধিক জনতাই অংশগ্ৰহণ কৰে। মৌন সমদলত অংশগ্ৰহণ কৰি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সকলো পক্ষকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়।