বছৰৰ প্ৰথমটো বানৰ কৱলত কাজিৰঙা, বুৰ গ’ল কেইবাখনো গাঁও-ৰাষ্ট্ৰীয় ঘাইপথ

newsnextone.com | কাজিৰঙাঃ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কেইবাখনো ৰাজহ গাঁও৷ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰি হাহাকাৰ কৰিব লগা হৈছে কাজিৰঙা-বোকাখাত অঞ্চল ৰাইজ৷ 

নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কহৰা নৈৰ পানী বাঢ়ি অহাৰ ফলত কাজিৰঙাৰ বহু গাঁও বুৰাই পেলায়৷ গাঁও সমূহৰ পথ সমূহ বুৰ যোৱাৰ লগতে কেইবাটাও পথ খহাই নিয়া বুলি জানিব পৰা গৈছে৷ যাতায়াতত ব্যাপক সমস্যাত পৰিছে ৰাইজ৷ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে পানী বৈ যোৱাত ব্যাপক সমস্যাত পৰে পথচাৰী৷ 

অবিজ্ঞান সন্মত ভাৱে শ্লুইচ গেট নিৰ্মাণ কৰাৰ ফলত কহঁৰা নৈৰ বাঢ়নী পানীয়ে গাওঁ সমূহ বুৰাই পেলোৱাৰ অভিযোগ উত্থাপন কৰি মহকুমা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে৷ এটি গ্ৰাম্য পথ খহাই নিয়া বুলিও জানিব পৰা গৈছে৷

আনহাতে স্থানীয় প্ৰশাসনে বোকাখাতৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সাময়িক ভাবে বন্ধ ৰাখে৷ ঘাইপথৰ ওপৰেৰে পানী হৈ থকাৰ ফলতেই গাড়ী-মটৰৰ যাতায়াত বন্ধ কৰে। ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে বহু গাড়ী-মটৰ।