
newsnextone.com | লিডুঃ পৰিৱৰ্তনৰ শ্ল’গান শুনাই শুনাই ৰাজশাসন দখল কৰা অগপ, বিপিএফ আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ খনৰ প্ৰতিশ্ৰুতি আৰু পৰিৱৰ্তন মানে এতিয়া এটা সাধু কথাহে যেন৷ জনতাৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দুটা বৰ্ষ অতিক্ৰম কৰিলে যদিও আজিও ৰাজ্যখনৰ গ্ৰাম্য এলেকাৰ বিভিন্ন অঞ্চলৰ বাট-পথৰ দুৰাৱস্থাই ৰাইজক জীয়াতু ভোগাই আহিছে৷ বিশুদ্ধ খোৱা পানীৰ পৰা, চিকিৎসা সেৱা প্ৰদান কৰালৈকে চৰকাৰখন সকলো কাৰ্যতে বিফল হোৱা বুলি সময়ে সময়ে ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷
উজনিৰ তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ উদ্যোগনগৰী হিচাপে খ্যাত মাৰ্ঘেৰিটা চহৰখনে চৰকাৰখনৰ উন্নয়নৰ স্বৰূপ উদঙাইছে৷ কেইবাটাও উদ্যোগ থকা মাৰ্ঘেৰিটা চহৰৰ বাট পথৰ পয়ালগা অৱস্থাই ৰাইজডক অতিষ্ঠ কৰি তুলিছে৷ পাথ সমূহেৰে প্ৰতিদিনে কেইবাশ যান-বাহন চলাচল কৰে৷ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হলেওঁ উত্তৰ পূব কয়লা ক্ষেত্ৰ (কল ইণ্ডিয়াৰ) কৃপাত বৃহৎ বৃহৎ যানবাহনৰ চলাচলৰ ফলত পথৰ ওপৰৰ বোজা এখন মেট্ৰপলিটান মহানগৰীৰ তুলনাত কোনো গুনেই কম নহয়৷
বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ ব্লক তিনিআলিৰ পৰা টিৰাপ কলিয়ৰীলৈ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰাৱস্থাই প্ৰায়ে দুৰ্ঘটনা পতিত কৰি আহিছে৷ আনফালে, মাৰ্ঘেৰিটা, লিডু, টিৰাপ, বৰগোলাই আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাই মহকুমাটোৰ সামগ্ৰীক উন্নয়ন তথা পৰিৱৰ্তনৰ প্ৰকৃত ছবি খন উদঙাই দেখুৱাবলৈ সক্ষম হৈছে৷
গড়কাপ্তানী বিভাগৰ অৰ্কমন্যতা তথা মন্ত্ৰী-বিধায়কৰ অমনোযোগীতাৰ ফলস্বৰূপে বৃহত্তৰ সমষ্টিটোৰ ৰাষ্ট্ৰীয় ঘাইপথটোত ঠায়ে ঠায়ে বিধ্বস্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ দৈনিক হাজাৰ হাজাৰ যান-বাহন তথা উত্তৰ পূব কয়লাক্ষেত্ৰৰ বৃহৎ বৃহৎ কয়লা বোজা কঢ়িওঁৱা গাড়ী অসমৰ ভিন্ন প্ৰান্তলৈ চলাচল কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰায় বিলাক অংশ বিধ্বস্ত হৈ একো একোটা বৃহৎ পুখুৰীসদৃশ গাতৰ সৃষ্টি হৈছে৷ যাৰ ফলত চাইকেল, ৰিক্সা, দুচকীয়া তথা চাৰিচকীয়া যানবাহন সমূহ চলাচল কৰাত অসুবিধা হোৱাৰ লগতে বাহনৰ ভাৰসাম্য হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ হ’বলগীয়া হৈছে৷
ইফালে মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাই পথ সমূহৰ দুৰাৱস্থা প্ৰত্যক্ষ কৰিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে৷ সংবাদ মাধ্যমৰ লগতে স্থানীয় দল-সংগঠনসমূহে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থাৰ সন্দৰ্ভত সময়ে সময়ে প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰি পথসমূহ মেৰামতিৰ দাবীত মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰেৰণ কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপিত হৈছে৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষই দুবাৰ ৰাইজক আভুৱা ভাৰিবলৈ শিল আৰু মাটিৰে পথসমূহত টাপলি লগোৱাৰ চেষ্টা কৰি আহিছে যদিও দুদিনৰ পাছতে পুনৰ গাঁতৰ সৃষ্টি হয়৷ যাৰ পৰিনতিত বিপসংকুল যাতায়তে এতিয়া যি কিনো সময়তে ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷
ৰাইজে এনে পালমৰা মেৰামতিৰ কামে প্ৰকৃততে কাৰ উপকাৰ সাধিলে বুলি প্ৰশ্ন উত্থাপন কৰি জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতি কৰি সুচল কৰি তুলিবলৈ অসম চৰকাৰ তথা স্থানীয় বিধায়কগৰাকীক আহ্বান জনাইছে৷ আনহাতে ৰাইজে কবলৈ বাধ্য হৈছে বিধায়ক ছাৰ আমাৰ সমষ্টিৰ বাট-পথৰ অৱস্থা উন্নত হ’ব কেতিয়া৷