ঈদৰ ব্যাপক প্ৰস্তুতি, নামাজৰ বাবে সজাই-পৰাই তুলিছে ৰাজ্যৰ ঈদগাহ

newsnextone.com | নগাঁওঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যপক প্ৰস্তুতি৷ এমাহ ৰোজা ৰখাৰ অন্তত ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিৎৰ পালন কৰিব৷

ইতিমধ্যে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লগতে উজনি-নামনি আৰু বৰাক উপত্যকাত ব্যাপক উলাহ-উদ্দীপনা দেখা যায়৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে ঈদৰ আনন্দ-উৎসাহ ভালেখিনি ম্লান পেলাইছে যদিও ঈদৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা সমিতিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে জাক-জমককৈ তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

পবিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ সামৰণি পৰাৰ অন্তত পৰম্পৰা অনুসৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰিব পবিত্ৰ ঈদ-উল-ফিৎৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঈদৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে৷ আন আন ঠাইৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলটো এই উৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি৷ পৰম্পৰা অনুসৰি ঈদৰ দিনা ঈদগাহ ময়দানবোৰতো ধৰ্মীয় আচাৰ-নীতিৰে পবিত্ৰ ঈদ-উল-ফিৎৰৰ দুই ৰাকাত ৱাজিব নামাজ আদায় কৰিব৷ 

স্মৰ্তব্য যে, বছৰটোৰ এঘাৰটা মাহ সম্পূৰ্ণ বৈধ ভোগৰ স্বাধীনতা উপভোগ কৰাৰ পিছতে যোৱা ১৬ মে’ৰ পৰা ধৰ্মীয় ৰীতি মৰ্মে সম্পূৰ্ণ এমাহ কাল ৰোজা পালন কৰা হয়৷ গতিকে এনেদৰে সম্পূৰ্ণ এমাহ কঠোৰ ধৰ্মীয় নীতি-নিয়মেৰে ৰোজাৰ ব্ৰত ৰখাৰ অন্তত ৰং-ৰহইচ তথা আনন্দ-স্ফুৰ্তীৰে উদযাপন কৰিবলৈ ওলোৱা ঈদ-উল-ফিতৰৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা সমিতিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটক ধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বিপৰীতে চৌপাশে এক উৎসৱমুখৰ মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে৷

জিলাখনৰ জাজৰি, পাঘালী, গৰৈমাৰী, কদমনি, টকৌবাৰী, দক্ষিণপাট, বৰভেটি, চলচলি, সোণাইঘাট, আলিটাঙনি, ভকতগাঁও, টুকটুকী, বৰিবজাৰ, ধিং, ধূপগুৰি আদি গ্ৰামাঞ্চলত থকা ঈদগাহ ময়দানবোৰত ঈদৰ দিনা পুৱা ৮-৩০ বজাৰ পৰা ১০-৩০ বজাৰ ভিতৰত পবিত্ৰ ঈদ-উল-ফিৎৰৰ ৱাজিব নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে পৰিচালনা সমিতিবোৰে৷ ঈদ-উল-ফিৎৰৰ দিনটোক আনন্দ-উৎসাহৰ দিন বুলি মুছলমান সমাজত অতীজৰে পৰা গণ্য কৰি অহা হৈছে যদিও বৰ্তমানৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী দাম বৃদ্ধিৰ হেতু এচাম দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত ঈদৰ আনন্দ-উছাহ তথা ৰং-তামাছা বহুখিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷