অটল বিহাৰী বাজপেয়ীৰ ঘনিষ্ঠ বিজেপি নেতা ডা০ লক্ষী চক্ৰৱৰ্তীৰ মৃত্যু

newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিজেপিৰ জ্যেষ্ঠ নেতা ডা০ লক্ষী চক্ৰৱৰ্তীয়ে বুধবাৰে নিশা মৃত্যুক আকোৱালি লয়৷ চাবুৱা বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য ডা০ লক্ষী চক্ৰৱৰ্তীয়ে ৮০ বছৰত বয়সত মৃত্যুক আকোৱালি লয়৷ বৃহওৰ চাবুৱা অঞ্চলৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডা০ লক্ষী চক্ৰৱৰ্তীয়ে বুধবাৰে নিজা বাসগৃহত মৃত্যুক আকোৱালি লয়৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ঘনিষ্ঠ বুলি পৰিচিত আছিল৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে নেতাগৰাকীৰ ঘৰলৈ আহিছিল বুলি জানিব পৰা গৈছিল৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে অহাৰ সময়ত ব্যৱহাৰ কৰা কেইপদমান সামগ্ৰী সযতনে আজিও ৰাখি থোৱাই আছে বুলি পৰিয়ালে জানিবলৈ দিয়ে৷ 

নেতাগৰাকীয়ে কৃষি সন্দৰ্ভত ১৯৭১ চনত গ্ৰন্থ লিখি ৰাষ্ট্ৰীয় অাইকাৰ বঁটা লাভ কৰিছিল৷ চাবুৱা পৰা প্ৰকাশিত মাহেকীয়া অালোচনীৰ সম্পাদক, চাবুৱা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য, চাবুৱা শ্মশানৰ প্ৰতিষ্ঠাপক সদস্যৰ হোৱাৰ লগতে চাবুৱাৰ বিভিন্ন-অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল৷

চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম হাইড্ৰকাৰ্বন এণ্ড এনাৰ্জী কোম্পানীৰ অধ্যক্ষ পোনাকণ বৰুৱা, বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ব্ৰজেন গগৈ, কাৰ্যনিবাহক সদস্যা পাৰুল বৰুৱা, মটক যুৱ-ছাত্র পৰিষদৰ সভাপতি যুগল বৰুৱা, চাবুৱা মিডিয়া ফ'ৰাম, সাংবাদিক সুৰক্ষা মঞ্চ, মটক যুৱ-ছাত্র সন্মিলন, ছাত্র মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰা লগতে পৰিয়ালবৰ্গলৈ  গভীৰ সমবেদনা জনায়৷ চক্ৰৱৰ্তীয়ে মৃত্যুৰ সময়ত তিনিজন পুত্র অাৰু এগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায়৷ নেতাগৰাকীৰ মৃত্যুত বৃহওৰ চাবুৱা অঞ্চলত শোকৰ ছাঁ পৰে৷