ফেচবুকত আলফা স্বাধীন, ছ’চিয়েল মিডিয়া ওমলা ঘৰ নহয়

newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে সংযুক্ত মুক্তি বাহিনী স্বাধীনে এক বিবৃতি যোগে ফেচবুকৰ জগতত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰে৷ বিবৃতি যোগে আলফাই সময় তথা অলেখ শুভাকাংক্ষীৰ আন্তৰিক দাবী সাৰোগত কৰি সামাজিক যোগাযোগৰ মাধ্যমতো সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ আপোচবিহীন সংগ্ৰামী যাত্ৰাক সংগী হিচাপে লোৱাৰ মানসেৰে সংগঠনটোৰ প্ৰচাৰৰ বাবে আৰু সংগঠনৰ প্ৰচাৰ বিভাগৰ পৰা নতুনকৈ ফেচবুকৰ জগতত ভৰি দিয়াৰ প্ৰয়াস কৰা বুলি কয়৷ এই কথা উল্লেখ কৰি বিদ্ৰোহী সংগঠনটোৱে তেওঁলোকৰ প্ৰকৃত ঠিকনা অসমৰ পৰাধীন থলগিৰি ৰাইজৰ উমাল বুকুহে বুলি কয়৷

অসমৰ ৰাইজৰ মৰম-আশীৰ্বাদ, গঠনমূলক সমালোচনা, ক্ষমাশীল ধৈৰ্য আৰু আফুৰন্ত ত্যাগৰ বিনিময়ত ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ হাজাৰ অভিসন্ধি তথা এচাম তথাকথিত শীৰ্ষনেতাৰ প্ৰতাৰণা অতিক্ৰমি অসমৰ সন্মিলিত জাতীয় মুক্তি সংগ্ৰাম খনৰ অবিৰত যাত্ৰাই আজি এক উত্তৰণৰ দিশত ভৰি থৈছে বুলিও কয়৷

সময় তথা অলেখ শুভাকাংক্ষীৰ আন্তৰিক দাবী সৰোগত কৰি সামাজিক যোগাযোগৰ মাধ্যমতো সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ আপোচবিহীন সংগ্ৰামী যাত্ৰাৰ সংগী হিচাপে লোৱাৰ মানসেৰে সংগঠনটোৰ প্ৰচাৰৰ বাবে আৰু সংগঠনৰ প্ৰচাৰ বিভাগৰ বাবে ফেচবুক পেজ খোলাৰ কথা ঘোষণা কৰে৷

যদিও সংগঠনটোৱে সামাজিক মাধ্যম ফেচবুকৰ জগতত ভৰি দিছে তথাপিও সামাজিক মাধ্যমটো তেওঁলোকৰ বাবে ওমলা ঘৰ নহয় বুলি জানিবলৈ দিয়ে৷ তেওঁলোকৰ ব্যৱহাৰৰ ব্যাপ্তিও সীমিত হ’ব বুলি জানিবলৈ দিয়ে৷ সংগঠনটোৰ নিয়মীয়া বাৰ্তা বিবৃতি প্ৰথাগত পদ্ধতিৰ উপৰিও ফেচবুকৰ পাতত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে৷ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ পৰা জানিবলৈ দিয়ে যে মূলত সম্পৰ্ক ৰক্ষাৰ ই এক প্ৰক্ৰিয়াহে৷ একেটা বিবৃতিত অসমৰ বুকুত এতিয়া কাল অমানিশা চলিছে আৰু ভাৰত ৰাষ্ট্ৰৰ শোষণ আগ্ৰাসনৰ গতি বৃদ্ধি হৈছে বুলি কয় আলফাই৷