
newsnextone.com | বোকাজানঃ হাজাৰ হাজাৰ লোকে আহ-যাহ কৰা কাৰ্বি আংলং জিলাৰ দেওপানী নৈৰ ভগ্নপ্ৰায় পকী পুল উটুৱাই নিয়াত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ পুলটোৰ দুয়োপাৰে বসবাস কৰা লোকসকলে বছৰ বছৰ ধৰি যমৰ-যাতনা ভোগ কৰি আহিছে ৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী আপাৰ দেওপানী পথৰ প্ৰায় ৪-৫ কিঃ মিঃ নিলগৰ আপাৰ দেওপানী নৈৰ ওপৰত থকা পকী পুলটো ১৯৮৬ চনতে নিৰ্মাণ কৰিছিল যদিও দীৰ্ঘ বছৰে ভগ্নপ্ৰায় অৱস্থাত থকা পুলটোৰ ওপৰত আজিকোপতি সু-দৃষ্টি নপৰিল ৰজাঘৰীয়াৰ৷
বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ নেতৃত্বাধীন পৰিষদখনৰ পৰিবৰ্তন আৰু উন্নয়নৰ ফোপোলা স্বৰূপটো উদঙাই দিছে বোকাজান মহকুমাৰ আপাৰ দেওপানী নৈৰ ওপৰত থকা ভগ্নপ্ৰায় পুলটোৱে৷
উল্লেখ্য যে, পুলটো কিছু দিন পূৰ্বে মেৰামতি কৰিছিল যদিও ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হয়। বছৰ বছৰ ধৰি অঞ্চলটোৰ লোকসকলে অতি বিপদসংকুলভাৱে ভগ্নপ্ৰায় পুলটোৰ ওপৰেৰে যাতায়ত কৰি দৈনন্দিন কৰ্ম সম্পাদন কৰাৰ লগতে অঞ্চলটোত থকা এখন উচ্চ মাধ্যমিক বিদ্যালয়, এখন মধ্য ইংৰাজী বিদ্যালয়, আঠখন প্ৰাথমিক বিদ্যালয় আছে আৰু পুলটোৰ ওপৰেৰে ছাত্ৰ-ছাত্ৰীসকলে মৰণক শৰণক কৰি নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰে৷
নিৰ্মাণৰ দিনৰে পৰা পুলটোৰ মেৰামতিৰ নামত ৰজাঘৰীয়াই চতিয়াই দিছিল মাথো কেইটামান শিলগুটি৷ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত আপাৰ দেওপানীৰ মাজেৰে বৈ যোৱা নৈখনৰ ওপৰত থকা পুলটোৰ এটা দিশ গৰাখহনীয়াৰ কৱলত পৰি পথটোৰে আহ-যাহ কৰা ২৫ খন গাঁৱৰ বাসিন্দাসকল অসুবিধাৰ সন্মুখীন হৈছে।
বৰ্তমান অঞ্চলটোৰ বহিঃজগতৰ সৈতে সংযোগ ঘটিছে কেৱল মাত্ৰ বাঁহৰ সাঁকোৰে৷ উল্লেখ্য যে, বিগত এসপ্তাহ ধৰি পাহাৰীয়া জিলাখনত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দেওপানী নৈৰ বাঢ়নী পানীয়ে পুলটোৰ এটা মূৰ খহাই নিয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। চাৰিদিন পূৰ্বে পুলটোৰ এটা মূৰ খহাই নিয়াৰ ফলত অঞ্চলটোৰ অন্য প্ৰান্তৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে যদিও আজি পৰ্যন্ত কাৰ্বি পৰিষদৰ স্থানীয় পৰিষদীয় সদস্যৰ লগতে বোকাজানৰ বিধায়কগৰাকীয়ে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে।
উল্লেখ্য যে, পুলটো এমাহ পূৰ্বে মেৰামতিৰ কাম পৰ্যবেক্ষণ কৰিছিল বিধায়ক ডা০ নোমল ম'মিনৰ লগতে স্থানীয় পৰিষদীয় সদস্য মুকুট মহন্তই। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত পুৰণি কালভাৰ্টসমূহৰ ওপৰত চিমেণ্ট আৰু শিল ছটিয়াই পকী কৰি দিয়াৰ ফলত পানীত উটি অহা গছগছনি তথা জাৱৰ-জোঁথৰ লাগি পুলটো ভেটাসদৃশ হৈ পৰাৰ লগতে পুলটোৰ নিৰ্মাণৰ সময়ত নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰৰ অভিোগ উত্থাপন হয়। ৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰে ৰাইজে৷ পুলটোত দুই মূৰৰ মাটি ধৰি ৰাখিবৰ বাবে পকী দেৱাল দিব লাগিছিল যদিও ঠিকাদাৰগৰাকী আৰু বিভাগীয় অভিযন্তাই এই কাম নকৰাত ৰাইজে বিপদত পৰা বুলি অভিযোগ উত্থাপন হৈছে৷
পকী পুলটো উটুৱাই নিয়াত অঞ্চলটোত থকা প্ৰায় ২৫ খন গাঁৱৰ ৰাইজৰ লগতে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা প্ৰসূতিকে ধৰি সকলো লোকৰে যাতায়তত চূড়ান্ত ব্যাঘাত জন্মিছে আৰু যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে৷
আনহাতে স্থানীয় বিধায়কগৰাকীয়ে নিজেই পুলটোৰ মেৰামতিৰ কাম পৰ্যবেক্ষণ কৰিছিল যদিও তেওঁৰ চকুৰ সন্মুখতেই স্থানীয় পৰিষদীয় সদস্য মুকুট মহন্তই কেনেদৰে নিজেই আসোঁৱাহপূৰ্ণ ভাবে পুলটোৰ কাম সম্পাদন কৰিবলৈ পালে বুলিও ৰাইজে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে
স্থানীয় বাসিন্দাসকলে পুলটোৰ ঠাইত এখন পকী দলং নির্মাণ কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনায়৷ বৰ্তমান শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, ৰোগী আদিৰ বাবে বিপদজনক সাঁকো হৈ পৰিছে যাতায়াতৰ মাধ্যম। পকী দলং নোহোৱা পৰ্যন্ত এই ক্ষেত্ৰত চৰকাৰে যাতায়তৰ বাবে এক সু-ব্যৱস্থা কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে আগন্তুক সময়ত হ’ব লগা যিকোনো দুৰ্ঘটনাৰ বাবে চৰকাৰেই দায়ী হ’ব বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে৷