
newsnextone.com | গুৱাহাটীঃ অসমত হাজাৰ হাজাৰ অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ৷ এনে প্ৰমাণ পত্ৰৰে শ-শ লোকে বিভিন্ন বিভাগত চাকৰি, ঠিকা আদি কৰি আহিছে৷ ফলত প্ৰকৃত অনুসূচিত জাতিৰ লোকসকল বঞ্চিত হৈছে৷ গতিকে চৰকাৰে উচিত তদন্ত কৰি ভুৱা জাতিগত প্ৰমাণ পত্ৰ বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক৷ এই মন্তব্য অনুসূচিত সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ৷ শনিবাৰে এক বিবৃতি যোগ এই অভিযোগ উত্থাপন কৰে অনুসূচিত সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে৷
১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা বিদেশী নাগৰিকে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি অসমৰ খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলৰ অস্তিত্বলৈ সংকট নমাই অনা পৰিলক্ষিত হৈছে বুলি চিন্তা জাহিৰ কৰি অসম অনুসূচিত জাতি পৰিষদে এই ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ কৰি তেনে লোকক জাতিগত প্ৰমাণ পত্ৰ দিয়া কাৰ্য অনতিপলমে বন্ধ কৰিবলৈ আহ্বান জনায়৷
আনহাতে, অনুসূচিত জাতি পৰিষদ-অসমে যোৰহাট জিলাত অনুষ্ঠিত কৰা কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি লোৱা প্ৰস্তাৱক আদৰণি জনাই অনূসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ একেটা বিবৃতি যোগে অনুসূচিত সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে বিধেয়কৰ বিৰোধিতা কৰি অসম অনুসূচিত জাতি পৰিষদে গ্ৰহণ কৰা সকলো কাৰ্যসূচীতে সহযোগ আগবঢ়াব বুলি ঘোষণা কৰে৷
বৰাক উপত্যকাৰ কেইবাটাও সংগঠনে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন আগবঢ়াইছে বুলি ক্ষোভ ব্যক্ত কৰি কাছাৰ জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি পুৰকায়স্থ, সম্পাদক সূৰ্যকান্ত সৰকাৰ, নিৰঞ্জন দাসে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত সাহসেৰে বিধেয়ক খনৰ বিৰোধিতা কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে অনূসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷