
newsnextone.com | তেজপুৰঃ পথ দুৰ্ঘটনাত পতিত হৈ এগৰাকী যুৱ সাংবাদিকৰ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে বিশ্বনাথ জিলাত। চতিয়াৰ কাব্য জ্যোতি হাজৰিকা নামৰ সাংবাদিকগৰাকীয়ে নিজ মটৰ চাইকেলেৰে চতিয়ালৈ আহি থকা অৱস্থাত জামগুৰিৰ হাজাৰি মলত এখন তীব্ৰ বেগী বলেৰ’ পিক আপ ভেনে পিছফালৰ পৰা খুন্দা মাৰে। ফলত গুৰুতৰ ভাৱে আহত সাংবাদিকগৰাকী চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ খুন্দা মাৰিয়ে বলেৰ' খনে পালয়ন কৰে।
জানিব পৰা মতে, গুৱাহাটীস্থিত নিউজ টাইম অসম নামৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেলটোত চতিয়াৰ পৰা সাংবাদিকতা কৰি আছিল কাব্যজ্যোতি হাজৰিকাই৷ শনিবাৰে নিশা পথদুৰ্ঘটনা পতিত হৈ অকাল মৃত্যুক আকোৱালি লয়। চতিয়াৰ সাংবাদিক কাব্য জ্যোতি হাজৰিকাৰ মৃত্যুত শোণিতপুৰ জিলা সাংবাদিক সন্থাই শোক প্ৰকাশ কৰে৷