
newsnextone.com | কাকপথাৰঃ বিধেয়ক গৃহীত হলে অসমৰ কোনো এজন বিধায়কে ঘৰত থাকিব নোৱাৰিব৷ ব্যাপক হাৰত প্ৰতিবাদৰ সন্মুখীন হ’ব বিধায়ক-মন্ত্ৰীয়ে৷ ১২৬ জন বিধায়কৰ ঘৰ ঘেৰাও কৰক অসমৰ ৰাইজে৷ অসমৰ ৰাইজে ঘৰৰ পৰা ওলাই আহি বিধায়কৰ ঘৰ ঘেৰাও কৰিলে বিধায়কে ঘৰত থাকিব নোৱাৰিব৷ অসমবাসীয়ে বিধায়কৰ ঘৰ কৰক৷ এই মন্তব্য অখিল গগৈৰ৷ দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত অনুষ্ঠিত হোৱা বিশাল গণ সমাবেশত অংশ লৈ এই মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে৷
হিন্দু শৰণাৰ্থীক অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেওবাৰে কেইবাহাজাৰ লোকে ঘৰৰ পৰা ওলাই আহি সমবেত হয় ডুমডুমাৰ বজাৰ খেলপথাৰত৷ বিধেয়ক বাতিলৰ দাবীত সমৰ্থন কৰিবলৈ ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত চহৰ উত্তাল কৰি তোলে৷
অখিল গগৈয়ে ভাষণ প্ৰদান কৰি বিধেয়ক গৃহীত হলে অসমৰ এজনো খিলঞ্জীয়া বিধায়কক ঘৰলৈ ঘুৰি আহিবলৈ দিয়া নহব বুলি কয়৷ কৃষক নেতা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাইজৰ ক্ষোভ বৃদ্ধি হৈছে বুলি কয়৷ অখিল গগৈয়ে ৰাইজৰ পৰা সাহস বিচাৰি ৰাইজৰ সাহস পালেহে চৰকাৰক ধৰিব পৰা যাব বুলি কয়৷ আপোনালোকে জানে তৰুণ গগৈক কেনেকৈ কলিজা কঁপাই দিছিলো বুলি কয় অখিলে৷
সৰ্বানন্দ সোণোৱালে সাংবাদিকক দেখিলে পলাই৷ জাতীয় নায়ক বুকু ফিন্দিয়াই থাকিব লাগে৷ ৰাইজক কথাৰে নহয় কাম কৰি দেখুওৱাক সৰ্বানন্দ সোণোৱালে৷ কথাৰে বেছি দিন চলিব নোৱাৰি৷ কথাৰে চলিলে ৰাইজে বুজি পায়৷ তেওঁলোকক ৰাইজে লাহে লাহে বুজি পাইছে যাৰ বাবে তেওঁলোকে সাংবাদিকৰ পৰা পলাবলৈ আৰম্ভ কৰিছে বুলি সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰে অখিলে৷
অখিল গগৈয়ে কয় জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক আমি সন্মান কৰো আৰু এই সন্মান অটুত ৰাখিবলৈ বিধেয়কখনক বিৰোধ কৰক বুলি কৈ কোনো কাৰণত বিধেয়কখন গৃহীত হ’ব নিদিও বুলি কয় গগৈয়ে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই বিজেপিক ভোট দিয়াটো অসমৰ ৰাইজৰ ঐতিহাসিক ভুল আছিল বুলি কয়৷ ড০ হীৰেণ গোহাঁই হতৰ দৰে বুদ্ধিজীৱীৰ কথা নুশুনি অসমৰ ৰাইজে ভুল কৰিছিল বুলিও কয় চাংমাই৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধিৰাজ গোৱালা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ-সম্পাদক নৱ মৰাণ, কলিতা জনগোষ্ঠী সন্মিলনৰ উপ-সভাপতি জয়সুৰ্য বৰাকে ধৰি বহু কেইটা দল-সংগঠনৰ বিষয়-ববীয়া উপস্থিত থাকে৷