
newsnextone.com | ছিপাঝাৰঃ ৰাজ্যত আজিও অব্যাহত আছে নাৰী দেহ ব্যৱসায়৷ দৰং-ওদালগুৰি সীমান্তৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটি টোপ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়াৰ কৰোৱাৰ প্ৰতিশ্ৰুতি দি পলুৱাই নি বহিঃৰাজ্যত বিক্ৰী কৰিব বিচৰাৰ ঘটনা পোহৰলৈ আহিছে৷ ইতিমধ্যে ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানা এলেকাৰ বাগানবস্তি গাঁৱৰ একাংশ লোকে ছিদ্দিক আলী নামৰ এগৰাকী লোকক এই ঘটনাৰ সৈতে জৰিত থকাৰ সন্দেহত আৱদ্ধ কৰি আৰক্ষীক গটাই দিয়ে বুলি জানিব পৰা গৈছে৷
ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানা এলেকাৰ বাগানবস্তি গাঁৱৰ মুছাব আলীৰ পুত্র ছিদ্দিক আলীয়ে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটি টোপ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ সৈতে ফোন যোগে চিনাকী হয়৷ চিনাকীৰ পিছত বন্ধুত্ব গঢ়ি উঠে আৰু মোবাইলত প্ৰায়ে কথা পাতিব ধৰে৷ তাৰ পিছতে প্ৰেমত পৰে দুয়োজনে৷
এমাহ পূৰ্বে কিশোৰীগৰাকীয়ে পিতৃ-মাতৃক নোকোৱাকৈ ছিদ্দিক আলীৰ সৈতে পলাই যায়৷ পলাই আহি গুৱাহাটীত থাকিবলৈ ধৰে৷ তেনেতে কিছুদিন পূৰ্বে ছিদ্দিক আলীৰ ওচৰলৈ দুগৰাকী মহিলা আহে৷ মহিলাদুগৰাকীৰ সৈতে কথা পাতি থকাৰ মাজতে ছিদ্দিক আলীয়ে কিশোৰীগৰাকীৰ বহিঃৰাজ্যলৈ নিয়াৰ কথা উলিয়াই আৰু কিমান টকাত বিক্ৰী কৰিব পৰা যাব সেই কথাৰ আলোচনা কৰিবলৈ ধৰে৷ এই কথা গোপনে শুনি আছিল কিশোৰীগৰাকীয়ে৷ ইমানে নহয় কেইজনমান বন্ধুৰ সৈতে কিশোৰীক পুনৰ অপহৰণ কৰি বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰে৷
কিশোৰীগৰাকীয়ে সকলো কথা আছিল শুনি৷ এসপ্তাহ পূৰ্বে গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা পলায়ন কৰি পিতৃ গৃহত উপস্থিত হৈ প্রকৃত ঘটনা পৰিয়ালক অৱগত কৰে। তাৰ পিছতে ছিদ্দিকক ঘৰলৈ মাটি অনাৰ পৰিকল্পনা কৰে৷ কৌশল অৱলম্বন কৰি ছিদ্দিক আলীক পিতৃ গৃহলৈ মাতি আনে কিশোৰীগৰাকীয়ে৷
সেই মতে দেওবাৰে দিনৰ ৪ বজাত ছিদ্দিক আলীয়ে কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হয়৷ তাৰ পিছতে ছিদ্দিক আলীক ৰাইজে উত্তম-মাধ্যম শোধায় গছত বান্ধি আৰক্ষীক খবৰ দিয়ে৷ খবৰ পোৱাৰ লগে লগে ওৰাং আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ কিশোৰীগৰাকীক সোধপোছৰ বাবে আৰু ছিদ্দিক আলীক গ্রেপ্তাৰ কৰি থানালৈ লৈ যায়৷ প্রায় এক মাহ পূৰ্বে গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীৰ পৰা এগৰাকী যুৱতীক অপহৰণ কৰি বহিঃৰাজ্যত বিক্রী কৰা বুলি ছিদ্দিক আলীয়ে প্রকাশ কৰে৷ আনহাতে
ছিদ্দিক আৰু এটা চক্ৰই এই যুৱতী বিক্ৰীৰ ব্যৱসায় কৰে বুলি কিশোৰীগৰাকীয়ে প্ৰকাশ কৰে৷ ইমানে বহু যুৱতী গুৱাহাটীত আৱদ্ধ কৰি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে৷