আলফা স্বাধীন-পৰেশ বৰুৱাক অসমৰ ৰাইজে ভাল পায়, আপোনালোকে এৰি দিয়ক গোপাল উপাধ্যায়ক

newsnextone.com মৰ্ঘেৰিটাঃ আলফা স্বাধীনক নমস্কাৰ কৰিছোঁ৷ আলফা স্বাধীন আৰু পৰেশ বৰুৱাক আজিও অসমৰ ৰাইজে ভাল পায়৷ আমাৰ নমস্কাৰ ৰক্ষা কৰি গোপাল উপাধ্যায়ক মুকলি কৰি দিব বুলি আশা কৰিলো৷ এই মন্তব্য আলফা স্বাধীনে অপহৰণ কৰি নিয়া চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ৰ নিজ গাঁৱৰ লোকসকলৰ৷

যোৱা ৮ জুনত আলফা স্বাধীনৰ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দল এটাই তিনিচুকীয়া জিলাৰ ফানেং চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপধ্যায়ক অপহৰণ কৰি নিয়াৰ পিছৰে পৰা গোপাল উপধ্যায়ৰ গাঁৱৰ তথা উদয়পুৰবাসীয়ে আলফা স্বাধীনক চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক এৰি দিয়াৰ আহ্বান জনাই আহিছে৷

তাৰ মাজতে সোমবাৰে চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক মুকলি কৰি দিয়াৰ দাবীত তিনিচুকীয়াৰ জাগুনত উদয়পুৰৰ কেইবাশতাধিক লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ফানেং চাহ বাগিচাৰ গৰাকী ৰাধা চেতিয়া আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ আলফা স্বাধীনে অপহৰণ কৰা গোপাল উপাধ্যায় ওৰফে দীননাথক মোকলাই অনাৰ দাবী জনাই ৰাইজে৷ অসম চৰকাৰ হা হায়, অসম পুলিচ মুৰ্দাবাদ, গোপাল উপাধ্যায়ক মুকলি কৰক, ৰাধা চেতিয়া মুৰ্দাবাদ আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে৷

৮ জুনত জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াৰ বাগিচাৰ পৰা গোপাল উপাধ্যায় ওৰফে দীননাথক আলফা স্বাধীনে অপহৰণ কৰি নিয়ে৷ ইতিমধ্যে আলফাই স্বাধীনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে। আলফা স্বাধীনে গোপাল উপাধ্যায়ৰ এটা ভিডিঅ’ মুকলি কৰি সেনাৰ চোৰাংচোৱা আছিল বুলি দাবী কৰে।

১৭ জুনতো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উদয়পুৰবাসীয়ে ৯ মাইলত ব্যৱসায়ী ৰাধা চেতিয়াৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ আলফা স্বাধীনে অপহৰণ কৰা গোপাল উপাধ্যায় ওৰফে দীননাথক মুকলি কৰি অনাৰ দাবী জনাই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৮ জুনত জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াৰ বাগিচাৰ পৰা গোপাল উপাধ্যায় ওৰফে দীননাথক আলফা স্বাধীনে দিন দুপৰতে অস্ত্ৰ দেখুৱাই অপহৰণ কৰি নিয়ে৷ ইতিমধ্যে আলফাই স্বাধীনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে। আলফা স্বাধীনে গোপাল উপাধ্যায়ৰ এটা ভিডিঅ’ মুকলি কৰি সেনাৰ চোৰাংচোৱা আছিল বুলি দাবী কৰে।

গোপাল উপাধ্যায় ওৰফে দীননাথৰ নিজ গাঁও উদয়পুৰৰ ৰাইজে গোপাল উপাধ্যায় ওৰফে দীননাথক মুকলি কৰি অনাৰ দাবীত হাতে বাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাধা চেতিয়া নামৰ ব্যৱসায়ীগৰাকীৰ বাসগৃহৰ সন্মুখত৷ ব্যৱসায়ী ৰাধা চেতিয়াই প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু গোপাল উপাধ্যায়ক মুক্তিৰ বাবে যি কৰিব লাগে তাকেই কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আশ্বাসত সৈমান হয় প্ৰতিবাদকাৰীয়ে৷ আনহাতে ৰাইজে শীঘ্রে নিৰীহ গোপাল উপাধ্যায়ক এৰি দিবলৈ আহ্বান জনায়। সুস্থ শৰীৰে গোপাল উপাধ্যায়ক এৰি দিবলৈ আহ্বান জনায় আলফাক।

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ আশংকাত দিন পাৰ কৰাৰ লগতে সৰ্বসাধাৰণক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীয়ে অসমীয়াক সুৰক্ষা দিব পাৰিছেনে ইয়াকে লৈ শংকাত দিন পাৰ কৰিছে ৰাইজে। সীমান্তত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোট সমূহে লক্ষ্য কৰি লৈছে সাধাৰণ জনগণক৷ উজনি অসমৰ তিনিচুকীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিভিন্ন উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক কাৰ্যই সংঘটিত কৰি অহাত জনসাধৰণক শংকিত হৈ পৰিছে।

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত দুখন চৰকাৰ চলি আহিছে৷ দুয়ো খন ৰাজ্যত একোখন নিৰ্বাচিত চৰকাৰৰ লগতে আলফা স্বাধীন আৰু এন এচ চি এন সমান্তৰাল শাসন চলে৷ শেহতীয়া বহুকেইটা ঘটনাই ইয়াকে প্ৰমাণ কৰে বুলি বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে একমূখে স্বীকাৰ কৰে৷ উজনি অসমত বিশেষভাৱে প্ৰভাৱিত আলফাৰ ২৮নং বেটেলিয়ানৰ সদস্যই ২০০৮ চনৰ ২৪ জুনত শান্তি আলোচনালৈ ওলাই অহাত জনসাধাৰণে অন্ততঃ আশা কৰিছিল যে অঞ্চলটোৰ স্থানীয় যুৱকসকলে প্ৰাণৰ মমতাত হয়তো আৰু বহিঃৰাজ্যলৈ ঢাপলি মেলিব নালাগিব৷

কিন্তু দিন বছৰ বাগৰি যোৱাৰ পাছতো আলফাৰ বিভাজন হোৱাত স্থানীয় বাসিন্দাৰ মনত হতাশাৰ কলীয়া ডাৱৰে পুনৰ জুমুৰি ধৰে৷ বিভিন্ন সময়ত সংঘটিত কৰি গৈছে এটাৰ পিছত এটা ঘটনা। 

ইয়াৰ মাজতে উজনি অসমৰ তিনিচুকীয়া জিলাৰ জাগুন ফানেং গাঁৱৰ পৰা এগৰাকী চাহ বাগিচাৰ কৰ্মচাৰী অপহৰণ কৰি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসম-অৰুণাচল সীমান্তৰ জাগুন ফানেং গাঁৱৰ ব্যক্তিগত খণ্ডৰ এখন চাহ বাগিচাৰ পৰা অপহৰণ কৰে শ্ৰমিকক৷ জাগুন আৰক্ষী থানাৰ অন্তৰ্গত ফানেংৰ গোপাল উপাধ্যায় নামৰ চাহ বাগিচাৰ কৰ্মচাৰীক দিনৰ প্ৰায় ২ বজাত বাগিচাৰ খনৰ পৰা অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই অপহৰণ কৰি নিয়ে৷ 

জানিব পৰা মতে, বাগিচাৰ গৰাকী ৰাধা চেতিয়া নথকাৰ সময়তে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থীৰ ৬ জনীয়া দলে বাগিচা খনত প্ৰৱেশ কৰে আৰু  বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক উঠাই লৈ যায়৷ স্থানীয় লোকে এই অপহৰণ কাণ্ডৰ সৈতে আলফা স্বাঃ নতুবা এনএচচিএন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। ইতিমধ্যে আলফাই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে৷