ৰাজ্যজুৰি শিক্ষা বিষয়াৰ কাৰ্যালয়ত ওলমিল প্ৰাথমিক শিক্ষকৰ তলা

newsnextone.com | গোৰেশ্বৰ/অভয়াপুৰী/বিলাসীপাৰাঃ সোমবাৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাথমিক শিক্ষকসকলে চৰকাৰে তেওঁলোকক বাৰে বাৰে বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত সমগ্ৰ ৰাজ্যতে শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷

উজনি-নামনিৰ লগতে বিটিএডিটো শিক্ষসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু বড়ো শিক্ষক সন্থাই গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ 

NNO অভয়াপুৰীঃ উত্তৰ শালমাৰাত শিক্ষকৰ প্ৰতিবাদ৷ উত্তৰ শালমাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অভয়াপুৰীস্থিত উত্তৰ শালমাৰাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে৷ প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ গ্ৰেড-পে’ ৮৭০০ টকা সপ্তম দৰমহা আয়োগৰ মতে আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত বিভাজনৰ নীতি গ্ৰহণ কৰা বন্ধ কৰা, টাইম স্কেল মতে গ্ৰেড-পে’ দিয়া, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা জিলাভিত্তিক টাইম স্কেলৰ সুবিধা দিয়া, চৰকাৰী প্ৰাথমিক বিদ্যালয়ত বৃত্তিপৰীক্ষা অনুষ্ঠিত নোহোৱাৰ বিষয়টো তদন্ত কৰা, ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন বহী দুটাকৈ দিয়াৰ দাবী জনাই প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। 

NNO বিলাসীপাৰাঃ বিলাসীপাৰা প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ৷ বিলাসীপাৰা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা ওলোমাই বিলাসীপাৰা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ গ্ৰেড-পে’ ৮৭০০ টকা সপ্তম দৰমহা আয়োগৰ মতে আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত বিভাজনৰ নীতি গ্ৰহণ কৰা বন্ধ কৰা, টাইম স্কেল মতে গ্ৰেড-পে’ দিয়া, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা জিলাভিত্তিক টাইম স্কেলৰ সুবিধা দিয়া, চৰকাৰী প্ৰাথমিক বিদ্যালয়ত বৃত্তিপৰীক্ষা অনুষ্ঠিত নোহোৱাৰ বিষয়টো তদন্ত কৰা, ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন বহী দুটাকৈ দিয়াৰ দাবী জনাই প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ তলা ওলমি থাকিব কাৰ্যালয়ত৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰাথমিক শিক্ষকে চৰকাৰৰ কেবাটাও ভুল নীতিৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হোৱা বুলি কয়। প্ৰাথমিক বিদ্যালয়ত আজিকোপতি প্ৰধান শিক্ষকসকলক মৰ্যাদা প্ৰদান কৰা নহ'ল বুলি অভিযোগ উত্থাপন কৰে। 

প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলক গ্ৰেড-পে’ ৮৭০০ টকা সপ্তম দৰমহা আয়োগৰ মতে আদায় দিয়াৰ দাবী জনায় সংগঠনটোৱে। ইপিনে চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত বিভাজনৰ নীতি গ্ৰহণ কৰাৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে টাইম স্কেল মতে গ্ৰেড-পে’ দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। 

ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে জিলাভিত্তিক টাইম স্কেলৰ সুবিধা ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবলৈ দাবী জনায় সন্মিলনীয়ে। আনহাতে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত বৃত্তিপৰীক্ষা অনুষ্ঠিত নোহোৱাৰ বিষয়টো তদন্ত কৰিবলৈও দাবী জনায় শিক্ষক সন্মিলনীয়ে। ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন বহী দুটাকৈ দিয়াৰো দাবী কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। 

উল্লেখ্য যে, বৰ্তমান সাময়িক পৰীক্ষা চলি থকাৰ বাবে সংগঠনটোৱে দীঘলীয়া কাৰ্যসূচী গ্ৰহণ কৰা নাই যদিও দাবী পূৰণ নহ'লে সন্মিলনীয়ে দীঘলীয়া আৰু তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। আনহাতে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক আজিও উচিত মৰ্যদা প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে সন্মিলনী। দৰমহা আসোঁৱাহ নিৰাময় সমিতিয়ে যিহেতু প্ৰধান শিক্ষকৰ কোনো কথাই উল্লেখ নকৰিলে সেয়ে দাবীসমূহ পূৰণৰ লগতে প্ৰধান শিক্ষকক প্ৰাপ্য মৰ্যদা প্ৰদান নকৰিলে গুণোৎসৱ বা মধ্যাহ্ন ভোজন আদি কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে।