ডিব্ৰুগড়ত গণ সমাবেশ, কথাৰে নহয় কাম কৰি দেখুওৱাক সোণোৱালে

newsnextone.com | চাবুৱাঃ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সোমবাৰে কেইবাহাজাৰ লোক সমবেত হয় ডিব্ৰুগড় চহৰত৷ বিধেয়ক বাতিলৰ দাবীত সমৰ্থন কৰিবলৈ ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে চহৰ উত্তাল কৰি তোলে৷

অখিল গগৈয়ে ভাষণ প্ৰদান কৰি বিধেয়ক গৃহীত হলে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব নোহোৱা হ’ব বুলি কৈ ভাষা, সংস্কৃতি হেৰুৱাব লাগিব বুলি কয়৷ চৰকৈৰে ভোটৰ স্বাৰ্থত হিন্দু বাংলাদেশী সংস্থাপন কৰিব খোজে বুলি অভিযোগ উত্থাপন কৰে৷ 

সৰ্বানন্দ সোণোৱালে কথাৰে নহয় কাম কৰি দেখুওৱাক৷ কথাৰে বেছি দিন চলিব নোৱাৰি৷ কথাৰে চলিলে ৰাইজে বুজি পায়৷ তেওঁলোকক ৰাইজে লাহে লাহে বুজি পাইছে যাৰ বাবে তেওঁলোকে সাংবাদিকৰ পৰা পলাবলৈ আৰম্ভ কৰিছে বুলি সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰে অখিলে৷  

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজক প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়৷ বিজেপিক ভোট দিয়াটো অসমৰ ৰাইজৰ ঐতিহাসিক ভুল আছিল বুলি কয়৷ 

সোণোৱাল কছাৰী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চুতিয়া ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি বহু কেইটা দল-সংগঠনৰ বিষয়-ববীয়া উপস্থিত থাকে৷