
newsnextone.com | তিনিচুকীয়াঃ দৰিদ্ৰতাই চৌপাশে চানি ধৰিছে৷ ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে প্ৰধান সমস্যাটোৱেই হৈছে দৰিদ্ৰতা৷ যিটো সময়ত এজন সাধাৰণ দৰিদ্ৰ লোকে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়, সেই সময়তে দেশৰ বেংকৰ পৰা কোটি কোটি টকা হৰলুকি কৰি পলায়ন কৰি আছে নিৰৱ মোডী, বিজয় মালিয়াৰ দৰে অপৰাধীসকল৷
আনফালে, আকৌ অসমৰ বন্যাৰ্তৰ কৰুণ বিননীয়ে ৰাজ্যখনৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰি তোলাৰ সময়তে তিনিচুকীয়াৰ এটা ষ্টেট বেংক এটিএমত নিগনিয়ে কুটি প্ৰায় দহ লক্ষাধিক টকা জাৱৰৰ দমল ৰূপান্তৰিত কৰা কাৰ্যই অসমত বেংক সেৱাৰ ফপোলা স্বৰূপ উদঙোৱা বুলি প্ৰশ্নৰ উত্থাপন হৈছে৷
তিনিচুকীয়া জিলাৰ লৈপুলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটিএম এটা ২০ মে’ৰ পৰা বেয়া হৈ আছিল৷ প্ৰায় ডেৰ মাহ কাল এটিএমটো আউট অৱ চাৰ্ভিছ হৈ থকাৰ পিছত যোৱা ১১ জুনত বেংক কৰ্মচাৰীয়ে এটিএমটো মেৰামতিৰ বাবে আহে৷
বেংক কৰ্মচাৰীয়ে এটিএমটো খোলাৰ পিছতে সকলোৰে চকু কপালত উঠে৷ কাৰণ এটিএমৰ ভিতৰত গ্ৰাহকৰ বাবে ভৰাই ৰখা ২০০০ আৰু ৫০০ টকীয়া নোটসমূহ নিগনিয়ে কুটি নিঃশেষ কৰিছে৷ নিগনিয়ে কুটি জাৱৰ কৰা ধনৰ পৰিমান ১২ লাখ ৩৮ হাজাৰ টকা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, এটিএমটোৰ চোৱা-চিতাৰ দায়িত্বত থকা গ্লোবেল বিজনেছ ছলিউচন নামৰ সংস্থাটোৱে এটিমটো বেয়া হোৱাৰ আগদিনা অৰ্থাৎ ১৯ মে’ত এটিএমটোত ২৯ লাখ টকা ভৰাইছিল৷
ইফালে এছবিআইৰ বেংক বিষয়াই এটিএমটোৰ পৰা ১৭ লাখ নগদ ধন সুৰক্ষিতভাৱে উদ্ধাৰ কৰে৷
আনহাতে, এটিএমটোৰ চোৱা চিতাৰ দায়িত্বত থকা সংস্থাটোৰ গাফিলতিৰ বাবেই ৪৫ দিন ধৰি এটিএমটো গ্ৰাহকৰ বাবে উপলব্ধ নহোৱাত নিগনিয়ে এটিএমৰ ভিতৰত সোমাই জমাকৃত নোটসমূহ কুটিবলৈ পালে বুলি অভিযোগ উত্থাপন কৰি ষ্টেট বেংকৰ বিষয়াই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷ আনফালে শীত তাপ নিয়ন্ত্ৰিত এটিএমৰ ভিতৰত কেনেদৰে নিগনি সোমাল তাক লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।