বিজেপি-পিডিপিৰ মিত্ৰজোঁট ভংগ, কাশ্মীৰ চৰকাৰৰ পতন

newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু কাশ্মীৰৰ ৰাজ্যপালক কাশ্মীৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি পত্ৰ প্ৰেৰণ কৰে বিজেপিয়ে৷ ফলত ২৪ ঘণ্টাৰ ভিতৰত মেহবুবা মুফটি চৰকাৰৰ পতন ঘটিব৷ 

বিজেপিৰ প্ৰৱক্তা ৰাম মাধৱে দিল্লীত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে৷ ২০১৫ চনৰ ১৯ জানুৱাৰীত গঠন কৰা বিজেপি আৰু পিডিপিৰ চৰকাৰৰ তিনি বছৰ সম্পূৰ্ণ হবলৈ ওলোৱাৰ সময়তে বিজেপিয়ে পিডিপিৰ সংগ এৰে৷

কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ সৈতে যুদ্ধ বিৰতিক লৈ বিজেপি আৰু পিডিপিৰ মাজত মতভেদ বৃদ্ধি হৈছিল৷ বিজেপিৰ জম্মু কাশ্মীৰৰ নেতা আৰু মন্ত্ৰীসকলক দিল্লীত উপস্থিত হ’বলৈ কয় মঙলবাৰে৷ দিল্লীত উপস্থিত হোৱাৰ পিছত ৰাম মাধৱে সংবাদমেল অনুষ্ঠিত কৰি দুয়ো দলৰ চৰকাৰ আৰু চলিব নোৱাৰে বুলি কৈ মিত্ৰ জোঁট ভংগ কৰাৰ ঘোষণা কৰে৷ অহা ২৩ জুনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব৷ তাৰ পূৰ্বেই চৰকাৰৰ পতন ঘটে৷